Friday, December 16, 2016

চৰ্ট, স্কাৰ্ট ইত্যাদি ৷

বিভিন্ন সময়ত ছছিয়েল মেডিয়া, বৈদ্যুতিন সংবাদ মাধ্যমকে আদি কৰি বিভিন্ন প্ৰচাৰ মাধ্যমত ছোৱালী তথা মহিলাৰ সাজ পাৰক লৈ তুমুল বিতৰ্ক হৈ থকা দেখা যায় ৷ গতিকে ময়ো এই প্ৰসংগত মোৰ দৃষ্টিভংগী আপোনালোকৰ আগত দাঙি ধৰিবলৈ মনস্থ কৰিলোঁ ৷

এযোৰ পোছাক আচলতে কি হয়? কোনো এগৰাকী ব্যক্তিৰ দেহ শুৱনি কৰা এযোৰ পোছাকে কিমান মান্যতা ৰাখে? এযোৰ পোছাকৰ কিমান বাস্তৱিক মূল্য আছে? ঠিক আছে, আমাৰ প্ৰায়সংখ্যকেই স্বীকাৰ কৰিম যে হয়, এযোৰ পোছাকৰ মান্যতা বহুখিনি ৷ স্থান, কাল, পাত্ৰ বিশেষে সাজ পাৰ সলনি হয় ৷ এযোৰ ‘ফেন্সী’ কাপোৰ ধৰ্মীয় অনুষ্ঠান এটাত গ্ৰহণযোগ্য নহয় ৷ পৰিয়ালৰ সকলো গোট খোৱা অনুষ্ঠান এটাত দেহৰ গুপুত অঙ্গ প্ৰদৰ্শিত হ’ব পৰা পোছাক এযোৰ পিন্ধাৰপৰা আমি নিজকে ক্ষান্ত ৰাখোঁ ৷ সাঁতুৰিবলৈ যাওতে পৰম্পৰাগত ভাৰতীয় শাৰী বা অসমীয়া চাদৰ মেখেলা এযোৰ নিঃসন্দেহে প্ৰথম পচন্দ নহ’ব ৷ নামমাত্ৰ কাপোৰেৰে নিজৰ লাজ ঢাকি অহা নাৰী এগৰাকী মৃতকৰ সৎকাৰ কৰা অনুষ্ঠান এটাত কোনেও স্বীকাৰ নকৰিব ৷ হয়, আমাৰ প্ৰায়সংখ্যকেই এই কথাখিনি মানি ল’ম ৷

কিছুসংখ্যকে আৰামদায়ক বা ‘কমফৰ্টেবল’ সাজপাৰৰ সপক্ষে যুক্তি দাঙি ধৰা দেখা যায় ৷ এই ‘কমফৰ্টেবল’ ড্ৰেছ আচলতে কি? কোনোজনৰ বাবে ‘কমফৰ্টেবল’ সাজপাৰযোৰ আন একোজনৰ বাবে ‘কমফৰ্টেবল’ নহব’ও পাৰে ৷ আমাৰ প্ৰায়সংখ্যকেই আমি ৰাতি পিন্ধি শোৱা পোছাকযোৰত বহু ‘কমফৰ্টেবল’, কিন্তু আমাৰ কিমানজনে সেই একেযোৰ পোছাক পিন্ধিয়েই বাহিৰলৈ ওলাই আহিম? আমাৰ শিশুবোৰে ঘৰত নিজৰ অন্তৰ্বাস পিন্ধিয়েই বহু ‘কমফৰ্টেবল’ অনুভৱ কৰে, কিন্তু যেতিয়া বাহিৰলৈ ফুৰিবলৈ যাওঁ, তেতিয়া আমিয়েই সিহঁতক অন্তৰ্বাসৰ ওপৰত কিবা এটা পিন্ধাই নলওঁনে? এইটো এটা উদাহৰণ মাত্ৰ ৷ আমি সকলোৱেই এখন সমাজত বাস কৰোঁ ৷ সকলোৰে মানসিক বিচাৰধাৰা বেলেগ বেলেগ ৷ আমি সকলোৰে মানসিকতাৰ পৰিবৰ্তন কৰিব নোৱাৰোঁ ৷ সকলোৰে নিজৰ দৃষ্টিভঙ্গী থাকে ৷ ভাবি চাওকচোন, আমাৰ কিমানজনে আমাৰ ভাবী শহুৰ শাহুক নিজৰ ‘কমফৰ্টেবল’ পোচাক পিন্ধি পোনপ্ৰথমবাৰৰ বাবে লগ কৰিছোঁ? আমাৰ প্ৰত্যেকৰে সমাজত কিছু অলিখিত, কিন্তু সহজেই অনুমেয় নীতি নিৰ্দেশনা থাকে, কিন্তু কোনোবাই যদি সেইবোৰ অমান্য কৰিছে, তেন্তে নিৰৰ্থক আলোচনাৰ কি প্ৰয়োজন? যদি কাৰোবাৰ ‘কমফৰ্ট’ স্তৰে কাৰোবাক অস্বস্তিত পেলাইছে, তেন্তে সেইজনক এৰাই চলাটোয়েই সকলোৰে বাবে মঙ্গল ৷

সাজ পোছাকৰ বিষয়ে আলোচনা কৰিলেই আমাৰ মূখ্য বিষয়বস্তু তথা কেন্দ্ৰবিন্দু মহিলাৰ সাজপাৰ হৈ পৰে ৷ বহুতে এইবুলিও মন্তব্য কৰা দেখা যায় যে আমাৰ ছোৱালী বা মহিলাসকলে আজিকালি যি সাজপাৰ পৰিধান কৰে, সেয়াই আমাৰ সমাজখন প্ৰদূষিত কৰি তুলিছে ৷ এই ক্ষেত্ৰত মই কোনোপধ্যেই একমত হ’ব নোৱাৰোঁ ৷ যিকোনো এটা বিবাহ অনুষ্ঠানত উপস্থিত থাকিলেই আপুনি মোৰ আলোচনাৰ মূল কথা উপলব্ধি কৰিব পাৰিব ৷ বয়সত ডাঙৰ প্ৰায়সংখ্যক ছোৱালী বা মহিলাক আপুনি পৰম্পৰাগত সাজ পোছাকত দেখিব, কিন্তু ডাঙৰ ল’ৰা বা মতা মানুহ প্ৰায়বোৰক চ্যুট বা ‘টাই’ৰ সৈতে ‘ট্ৰাইজাৰ’ত দেখিব ৷ এতিয়া মোক আপুনিয়েই কওক, এইবোৰ মতা মানুহৰ পৰম্পৰাগত সাজ পোছাক নে? মই ভবাত মই আৰু বেলেগ উদাহৰণ দিয়াৰ আৱশ্যকতা নপৰে ৷ আপোনালোকৰ কিছুমানে হয়তো যুক্তি দিব, যে কোনোবা বিশেষ এদিনাখন বিশেষকৈ বিয়াই বাৰুয়ে যাওতে পিন্ধা সাজ পোছাকৰ ওপৰত ভিত্তি কৰিয়েই মহিলা পুৰুষৰ পৰম্পৰাগত সাজ পৰিধান বিষয়ক মন্তব্য কৰাটো উচিত হ’বনে? নিশ্চয় নহয় ৷ কিন্তু মোৰ কথা হ’ল, পৰিস্থিতি সাপেক্ষে বা কৰ্মসূচী অনুযায়ী আমি এযোৰ কাপোৰ বাছি লওঁ, শালীনতাৰ পৰিসৰৰ ভিতৰত থকালৈকে সেই পোছাকে কাৰো অসুবিধা কৰিব নালাগে ৷ বুজা নাই? এটা কথা কওক, চুৰিদাৰ আমাৰ অসমীয়া পোছাক আছিল জানোঁ? কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কথা বিবেচনা কৰিয়েই দশমমানলৈকে বহুতো চৰকাৰী বিদ্যালয়তো ছোৱালীৰ ‘ইউনিফৰ্ম’ চুৰিদাৰ কৰা হৈছে ৷

মুখাবয়ব, ৰেহৰূপ, চেহেৰা, বৰণ তথা দৈহিক গঠন বা আন বহুতো কাৰকৰ ওপৰত ভিত্তি কৰি একেযোৰ কাপোৰেই বিভিন্নজনৰ দেহত বিভিন্নধৰণে ‘ফিট’ বা ৰজিতা খাব পাৰে বা শুৱাই পৰিব পাৰে ৷ একেযোৰ পোছাকতে কোনোবাগৰাকী মৰমলগা, কোনোবাগৰাকী কমনীয়, কোনোবাগৰাকী যৌন আবেদনময়ী, কোনোবাগৰাকী অত্যুত্তম, কোনোবাগৰাকী অদ্ভুত তথা কোনোবাগৰাকী অমাৰ্জিত বা অশিষ্টজনক অনুভৱ হ’ব পাৰে ৷ শৰীৰৰ ভংগিমা, অৱস্থান, প্ৰকাশভংগী আদিৰ ওপৰত ভিত্তি কৰি একেযোৰ পোচাকতেই একেজন ব্যক্তিয়েই বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিব পাৰে ৷ আমাৰ শাৰীৰিক অবয়বক দাঙি ধৰিবপৰা কাপোৰ এযোৰ বাছি উলিয়াই এক ৰুচিকৰ মানসিকতাৰ পৰিচয় দিব পৰাটো আমাৰ নিজৰেই দায়িত্ব ৷ আমাৰ প্ৰায়সংখ্যকেই এইটো কৰিব পাৰোঁ, কিন্তু কোনোবাই যদি সেয়া কৰাত ব্যৰ্থ হয়, তেন্তে সেই ব্যক্তিজনক সমজুৱাভাৱে লজ্জিত কৰাৰ অৰ্থ কিবা আছেনে? আমি থকা ফ্লেটতে এগৰাকী মহিলা থাকে, তেখেতৰ কাপোৰৰ বাছনি ‘মোৰ মতে’ একেবাৰেই বেয়া, কোনোসময়ত মোৰ নিজৰেই কিবা অস্বস্তি লাগি যায়, কিবা যেন অমাৰ্জিত, কিন্তু তেখেতক কিবা কোৱাৰ সলনি মই নিজেই তেখেতক এৰাই চলোঁ ৷ সেইটো মোৰ ভুলো হ'ব পাৰে, কিন্তু অনাহক কিবা পৰিস্থিতি সৃষ্টি কৰাতকৈ কিছু ক্ষেত্ৰত নিজে আঁতৰি চলাই মঙ্গল ৷ তাৰোপৰি কি ঠিক? মোৰ মতে অশালীন একোযোৰ পোছাকো কাৰোবাৰ বাবে মনোমোহাও হ’ব পাৰে ৷

কিছুমান কাপোৰ ঘৰৰ ভিতৰত পিন্ধিবৰ বাবেই প্ৰস্তুত কৰা হয় ৷ নিতম্ব তথা কটিবস্ত্ৰ প্ৰদৰ্শন কৰা তেনেই চুটি পেণ্ট বা স্কাৰ্ট এটা পিন্ধি ৰাজহুৱা স্থানত ঘুৰি ফুৰাৰ আৱশ্যকতা কি? সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰত পিতৃ মাতৃ তথা অভিভাৱকৰ তাতেই দায়িত্ব আহি পৰে, সিহঁতক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাৰ বাবে ৷ আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কিছু সাজ পোছাক কিছু নিৰ্দিষ্ট পৰিবেশত পৰিহাৰ কৰিব জনাটো তেখেতসকলৰ নিজৰ দায়বদ্ধতাৰ ভিতৰত পৰে ৷ আৰু যদি তেখেতসকল নিজেই এই ক্ষেত্ৰত তেনেই বেপৰোৱা, তেন্তে আমি মুৰ ঘমাই নিজৰ লগতে আনৰ সময় অপচয় কৰাৰ আৱশ্যকতা কি? মই এইটো বুজাব বিচৰা নাই যে আমাৰ চৌপাশৰ পৰিঘটনাবোৰৰ প্ৰতি আমি নিস্পৃহ হৈ থাকিম ৷ মই এইটোৱেই বুজাব বিচাৰিছোঁ যে যদি এনে কৰ্মকাণ্ডবোৰে প্ৰকৃতাৰ্থতেই আমাৰ পৰিবেশ দূষিত কৰিছে, তেন্তে অশালীন তথা অসন্মানজনিত মন্তব্যৰ পৰিবৰ্তে আইনী সাহাৰ্য্য লোৱাৰ বাবে আমাৰ প্ৰত্যেকৰে নৈতিক অধিকাৰ আছে ৷

মোৰ পৰবৰ্তী প্ৰশ্ন হ’ল, কিমান পৰিমাণ পৰ্য্যাপ্ত? শিষ্টাচাৰ বৰ্তাই ৰখাৰ বাবে ন্যুনতম কিমান পৰিমাণৰ কাপোৰ যথেষ্ট? লুকাই চুৰকৈ আনৰ অন্তৰংগ মুহূৰ্ত উপভোগ কৰিব বিচৰা বা ব্যক্তিগত বিশেষকৈ যৌন বিষয়ক কথাৰ সোৱাদ ল’ব খোজা ব্যক্তিৰ সন্মুখত কোনো লোকেই সুৰক্ষিত নহয় ৷ কোনোবাই যদি এযোৰ পোছাকৰ মাজেৰে জুমি চাব বিচাৰে, তেন্তে কোনো পোছাকেই কাৰোবাৰ শিষ্টতা বৰ্তাই ৰখাৰ বাবে যথেষ্ট নহ’ব ৷

মোৰ আন এটা প্ৰশ্ন হ’ল, কিমান পৰিমাণলৈ অনাবৃত হৈ থাকিলে অশালীন বুলি মন্তব্য কৰিব পাৰি? মানে, পৰিধান কৰা কাপোৰৰ বাহিৰত কিমান পৰিমাণৰ ‘মঙহ’ উন্মোচিত হৈ থাকিলে তাক আমি অশালীন বুলি মন্তব্য কৰিব পাৰোঁ? কোনোবাই এই সংক্ৰান্তত নিশ্চিত উত্তৰ দিব পাৰিবনে? কাৰোবাৰ মতে ‘দুই পিছ বিকিনিয়ে’ ঢাকি ৰখাতকৈ কম কাপোৰ পৰিধান কৰিলেহে অশালীন ৷ কাৰোবাৰ মতে আকৌ কাপোৰৰ তলৰফালে ভৰিৰ সৰু গাঁঠিটো ওলাই থাকিলেও কাপোৰ এসাজ অনুপযুক্ত ৷ বুজিছেই নহয়, সকলোকে সন্তুষ্ট কৰাটো কেতিয়াও সম্ভৱ নহয় ৷

কিছুসংখ্যক ব্যক্তিয়ে যুক্তি প্ৰদৰ্শন কৰা দেখা যায় যে মহিলাসকলৰ ‘উত্তেজক’ সাজ পাৰৰ বাবে বলাৎকাৰৰ হাৰ দিনে দিনে বাঢ়ি আহিছে ৷ তেন্তে কাৰোবাৰ বিকৃত কামনাৰ বলি হোৱা সেই ফুলকুমলীয়া শিশুবোৰৰ ক্ষেত্ৰত কি ক’ব? বিশেষভাৱে সক্ষম বা মানসিকভাৱে বাধাগ্ৰস্ত গৰ্ভৱতী কিশোৰীসকলৰ ক্ষেত্ৰত কি ধাৰণা ল’ব? ধৰ্ষণৰ বলি হোৱা বয়সস্থ মহিলাবোৰৰ বিষয়ত কি যুক্তি দিব? নে কথাটো এনেকুৱা নেকি যে কেৱল মহিলা বাবেই তেওলোক ধৰ্ষিতা হ'ব লাগিব? প্লিজ, এনেকুৱা অন্তঃসাৰশূণ্য ধ্যান ধাৰণা কিছুমান বাদ দিয়াৰ সময় হ’ল ৷ মনত ৰাখিব, আমাৰ সমাজখনত এনেকুৱা মানুহৰো আকাল নাই যাৰ দেহত দেউতাক এজনৰ বাইকৰ পিছপিনে উঠি যোৱা কণমানিজনীৰ স্কাৰ্টৰ ফাঁকেদি দেখা যোৱা সেই সৰু উৰুটোৰ নিষ্পাপ মঙহকণেও পিৰপিৰণি তোলে ৷

ছোৱালীজনীৰ বক্ষবন্ধনী বা বক্ষবন্ধনীৰ  ফিতাডাল তাইৰ কাপোৰৰ মাজেৰে দেখা পোৱা বা অসাৱধানবশতঃ কাপোৰৰ বাহিৰত ওলাই থকাৰ  অৰ্থ এইটো নহয় যে যিকোনো ব্যক্তিয়েই তাইক বা তাইৰ সেই ফিতাডাল ‘চুই’ চাব পাৰিব ৷ কিন্তু তেনেদৰে ভাবিবপৰা সেই দুৰ্বৃত্তবোৰে কি বুলি ভাৱে? সিহঁতৰ চকুবোৰ কি একো একোটা ‘এক্স ৰে’ মেছিন? সেয়া দেখা পোৱা সিহঁতেই কি একমাত্ৰ ব্যক্তি? নহয় ৷ আমি সকলোৱেই দেখোঁ ৷ কিন্তু সিহঁতৰ বিপৰীতে আমাৰ প্ৰায়সংখ্যকেই ‘নৰ্মেল’ কথা এটা ‘নৰ্মেল’ বুলি অনুধাৱন কৰিব পাৰোঁ ৷ আৰু তেনেদৰে নেদেখা কৰিবলৈ হ’লে ছোৱালীবোৰৰ সকলো কাপোৰ পৰ্দা কাপোৰৰ দৰে ডাঠ হ’ব লাগিব ৷ বা, মুৰৰপৰা ভৰিলৈকে জিন্সৰ কাপোৰ পিন্ধিব লাগিব ৷ ধৰি ল’লোঁ, সকলো ছোৱালীয়ে ডাঠ জিন্সৰ কাপোৰ পিন্ধা আৰম্ভ কৰিলে ৷ বছ, সকলো সমস্যাৰ সমাধান, নহয় জানোঁ? নহয়, একেবাৰেই ভুল ভাবিছে ৷ আমাৰ মাজৰেই একাংশই তেতিয়া চিঞৰা আৰম্ভ কৰিব, বোলে জিন্স পিন্ধি ছোৱালীমখাই আমাৰ সংস্কৃতি একেবাৰেই ডুবালে ৷

শাৰীৰিক গঠনৰ ফালৰপৰা পুৰুষ আৰু মহিলা বেলেগ বেলেগ ৷মহিলাসকলৰ ক্ষেত্ৰত দেহৰ কিছু অংগ পোছাকৰ ওপৰত প্ৰকট হৈ উঠাটো একেবাৰেই স্বাভাৱিক ৷ গতিকে তেনেদৰে প্ৰকট হোৱাটো প্ৰতিহত কৰিবৰ বাবে আমাৰ মাতৃসকলেও নিজৰ জীয়ৰীজনীৰ কৈশোৰ অৱস্থাৰপৰাই পৃথিৱীৰ কোনো কোনো ঠাইত প্ৰচলিত ভয়ংকৰ ‘ব্ৰেষ্ট আইৰণিঙৰ’ দৰে ব্যৱস্থা হাতত ল’ব লাগিব নেকি? যাতে জীয়ৰীজনীৰ দৈহিক বিকাশ সেই পাষণ্ডবোৰৰ চকুৰপৰা আঁৰ হৈ থাকে? লাগিলে পিছত জীয়ৰীজনীয়েই অসুখীয়া হৈ নপৰক কিয়?

আমাৰ ওপৰত কোনোবাই জোৰ জবৰদস্তি কিছুমান অপ্ৰয়োজনীয় নীতি বিধান, নিয়ম কানুন জাপি দিয়াটো আমি কেনোপধ্যেই পচন্দ নকৰোঁ ৷ তেন্তে মহিলাসকলে সকলো কামেই পুৰুষসকলৰ মতে কৰাটো বিচৰাটো কেনেধৰণৰ ন্যায়?

আমাৰ মাহঁতৰ সময়ত ছোৱালী এজনী ডাঙৰ হ'লেই মানে পুষ্পিতা হোৱাৰ পিছৰেপৰাই চাদৰ মেখেলা পিন্ধা আৰম্ভ কৰিছিল ৷ আমাৰ সময়ত চুৰিদাৰ বা তেনেজাতীয় কাপোৰ পিন্ধিলে ৷ এতিয়া দিন কাল সলনি হ’ল ৷ আজিৰ প্ৰজন্মৰ ফেশ্চন চেন্স বদলিছে ৷ গতিকে তেওঁলোকে চুৰিদাৰৰ লগতে পায়জামা, জিন্স, পেণ্ট, স্কাৰ্ট বা তেনেধৰণৰ আধুনিক সাজ পাৰ পিন্ধাৰ পক্ষপাতী ৷ আগৰ যুগত বোৱাৰী এগৰাকীয়ে ওৰণি নোলোৱাকৈ বয়োজ্যেষ্ঠ এজনৰ আগত ওলোৱাৰ কথা ভাবিবই নোৱাৰিছিল ৷ কিন্তু এতিয়া? ৰীতি নীতিখিনি পালন কৰি বিয়াৰ দ্বিতীয় দিনাৰপৰাই নকইনাক নিজৰ পচন্দৰ কাপোৰ পিন্ধিবলৈ বহু ক্ষেত্ৰত শাহু শহুৰেই অনুপ্ৰাণিত কৰে ৷ তাৰোপৰি এইবোৰ কাপোৰ পিন্ধি কাম কাজ কৰিবলৈ চাদৰ মেখেলা পিন্ধাতকৈ বেছি আৰামদায়ক ৷ কিন্তু সেই আৰামৰ প্ৰতি লক্ষ্য ৰাখিয়েই বহুত ছোৱালীয়ে ঘৰত শুবলৈ ব্যৱহাৰ কৰা চুটি হাফপেণ্টটোৰেই যে বাহিৰত তিঘিল ঘিলাই ফুৰে, সেই কথাটোও কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷

শেষত কেৱলমাত্ৰ পোছাকৰ ওপৰত ভিত্তি কৰিয়েই মহিলাক অশালীন আচৰণ কৰিবলৈ উদ্যত হোৱা সেইসকল ব্যক্তিলৈ কিছু কথাৰে মোৰ লিখনিটো সামৰিছোঁ ৷

গতিকে আপুনি ভাবে যে ছোৱালীজনীৰ কাপোৰসাজ ‘আপোনাৰ বিবেচনাত’ উত্তেজক বাবেই আপুনি তাইক যিকোনো অশ্লীল মন্তব্য শুনাব পাৰে, আনকি যৌন উৎপীড়নো চলাব পাৰে? আৰে বন্ধু, কওকচোন আপুনি কোন? আপুনি কি আমাৰ সমাজখনৰ নৈতিকতাৰ ৰক্ষক যাৰ ওপৰত আমাৰ সমাজখনৰ সম্ভ্ৰম ৰক্ষা কৰাৰ গুৰুদায়িত্ব অৰ্পন কৰা হৈছে? কোনোপধ্যেই নহয় ৷ মোৰ মতে আপুনি এজন অল্পবুদ্ধিৰ ব্যক্তি বা ভোদা বুদ্ধিৰ লোক, যাৰ বেলেগ একো কাম নাই ৷ আপোনাৰ হাতত বেলেগে কি কৰি আছে সেই বিষয়ে আলোচনা কৰিবৰ বাবে অপ্লাবিত সময়, কাৰণ পৰিয়াল তথা বেলেগ কিহবাৰ ভাৰ লোৱাৰ বাবে আপোনাৰ ক্ষমতাই নাই ৷ বা এনেও হ’ব পাৰে যে অাপোনাৰ সকলো দায়বদ্ধতাৰ পৰা আঁতৰিবলৈ আপোনাৰ কেৱল পলায়নবাদী মনোভাৱ ৷ আপুনি সেই কমসংখ্যক যৌন আচৰণবিশিষ্ট লোক, যিয়ে নিজৰ যৌন বাসনা সুবিধা পালেই আদায় কৰিব খোজে ৷ আপোনাৰ এটা লাওখোলা থকাৰ পিছতো আপোনাৰ মগজুটো আপোনাৰ দুই ভৰিৰ মাজত অৱস্থান কৰে ৷ বেলেগ শব্দত ক’বলৈ হ’লে আপুনিহে সেইগৰাকী ব্যক্তি যি আমাৰ সমাজৰ বাবে প্ৰকৃততে সৰ্বনাশী ৷ আপুনিহে সেইসকল ব্যক্তিৰ ভিতৰৰ এজন, যাৰ ওচৰত আমাৰ ছোৱালী তথা মহিলাবোৰ কোনোপধ্যে সুৰক্ষিত নহয় ৷ প্ৰকৃততে ক’বলৈ হ’লে সমাজখন চাফা কৰিবলৈ হ’লে আপুনিহে শলখাৰ ভিতৰত থাকিবলগীয়া ব্যক্তিগৰাকী ৷ মোৰ আৰু একো ক’বলগীয়া নাই ৷

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Monday, November 21, 2016

মাতৃৰ বাবে এটোপাল চকুলো ৷

“পাৰ্থ আংকল, মা ঠিকে আছেনে?”

তাইৰ দুচকু সিক্ত ৷ আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিছিল ৷

২০১৩ চনৰ ২৭ এপ্ৰিলৰ পুৱা ছয় বাজিছিল তেতিয়া ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনলৈ গৈছিলোঁ ৷ মোৰ সম্পৰ্কীয় বৌ এগৰাকী ভৰ্তি আছিল তাত ৷ আচলতে পিছদিনা বৌৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল, কিন্তু কিবা জটিলতা অহাত চিকিৎসকসকলে ততাতৈয়াকৈ  অপাৰেচনটো কৰি পেলোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল ৷ মই গৈ পোৱালৈ অপাৰেচন প্ৰক্ৰিয়াটো প্ৰায় শেষ হ’বৰে হৈছিল ৷ অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত ৰৈ আছিল দাদা আৰু তেওৰ ছবছৰীয়া জীয়ৰীজনী ৷ বাকী আত্মীয়সকল আহি পোৱা নাছিল তেতিয়াও ৷ ৰোগীৰ পৰিচাৰকৰ বাবে ৰখা চকীত বহি আমি চিকিৎসকৰ পৰবৰ্তী বতৰালৈ অপেক্ষা কৰিলোঁ ৷ এখন চকীত মই, ওচৰৰ চকীখনত ভতিজীজনীক কোলাত লৈ দাদা ৷ ভগৱানৰ কৃপাত সকলো ঠিকে ঠিকেই হৈ গ’ল ৷ অপাৰেচনৰ শেষত বিভাগীয় আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ বাবে দাদাক চিকিৎসকে ভিতৰলৈ মাতিলে ৷

“পাৰ্থ, এইক চাবা ৷”

দাদা ভিতৰলৈ গ’ল ৷ ভতিজীজনীলৈ মন কৰিলোঁ ৷ মোৰ সম্মূখত থিয় হৈ ক’ৰবালৈ লক্ষ্য কৰি তাই যেন কিবা ভাৱত বিভোৰ ৷ মোৰ এই ভতিজীজনী বাকীবোৰতকৈ অলপ বেলেগ ৷ তাইৰ অলপমান সান্নিধ্যৰ বাবে তাইক চকলেট আদি ‘ঘোচ’ দিবলগা হয় ৷ নহ’লে সতকাই ওচৰ নাচাপেই, কোলাত লোৱাটোতো দূৰৰেই কথা ৷ মোৰ ওচৰৰ চকীখন দেখুৱাই তাইক ক’লোঁ,

“অ’ মাইনা, আহা, ইয়াতে বহি লোৱা ৷”

কিন্তু তাই চকীখনলৈ নগ’ল ৷ মোক আচৰিত কৰি তাই মোৰ কোলাত বহি মোৰ বুকুত মুৰটো পেলাই মোৰ হাত দুখন তাই নিজেই তাইৰ পেটৰ ওপৰত ৰাখিলে আৰু তাইৰ অকণমানি আঙুলি কেইটাৰে মোৰ হাতদুখন আকোৱালি ধৰিলে ৷ কিছুসময়ৰ পিছত মোৰ আঙুলি এটাত ক’ৰবাৰপৰা পানী পৰা যেন অনুভৱ হ’ল ৷ আৰু ভতিজীজনীৰ সেমেকা দুচকুৱে মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে ৷ তাইৰ মুৰত মৰমেৰে হাত ফুৰাই সুধিলোঁ,

“কি হ’ল মাইনা?”

“পাৰ্থ আংকল, মা ঠিকে আছেনে?”

আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিলে ৷

“মা একদম ঠিকে আছে মাইনা ৷ অলপ পিছতে বাহিৰলৈ আনিবই ৷ তুমি দেখিবাই নহয় ৷”

তাই একো উত্তৰ দিয়া নাছিল ৷ তাইৰ পেটৰ ওপৰত ৰখা মোৰ বাওঁহাতখন তাইৰ দুহাতৰ মাজত সুমুৱাই আৰু অধিক জোৰেৰে সাৱটি ধৰিছিল ৷

যেতিয়া এটি শিশুৱে কান্দে, স্থান কাল পাত্ৰ বিশেষে আমাৰ প্ৰতিক্ৰিয়াও বিভিন্ন হয় ৷ কোনোবাসময়ত আমাৰ হাঁহি উঠে, কোনোবাসময়ত দুখ লাগে ৷ কোনোবাসময়ত সহানুভূতি জাগে ৷ কোনোবাসময়ত বিৰক্তও হওঁ ৷ কিন্তু এই ফুলকুমলীয়া নিস্পাপ শিশু একোটি, যি বেছিভাগ আবেগ অনুভূতি অনুভৱ কৰিবলৈ অপাৰগ বুলিয়েই আমাৰ সাধাৰণ ধাৰণা, তেনে এটি শিশুৱে যেতিয়া নিঃশব্দে চকুলো টোকে, তাকো মাকৰ সুস্বাস্থ্য কামনাৰে, প্ৰচণ্ড আবেগে দেখোন হৃদয় জোকাৰি যায় ৷ হিয়াখন কিহবাই যেন মোচৰিহে পেলায় ৷

ইমান কণমানি শিশু এটিৰ ইমান পূৰঠ অভিব্যক্তি ! কোনো শব্দ নাছিল ৷ নাছিল কোনো উচুপনি ৷ মোৰ আঙুলি ভিজাই টোপাটোপে তাইৰ চকুলো সৰিছিল ৷ আৰু সেই চকুলোৱে যেন মোৰ কলিজাটো তিয়াই পেলাইছিল ৷

#বাস্তৱ ৷
#শ্লীলতা, অশ্লীলতা, প্ৰিয় আৰু অপ্ৰিয় সত্য ৷
#ডাঃ কুমাৰ পাৰ্থ প্ৰতিম ৷

Sunday, November 20, 2016

একান্তই ব্যক্তিগত, তথাপিও…

১৮ নৱেম্বৰ, ২০১৬: বিয়লি চাৰি বজা:

এ,টি,এম এটাত লাইনত থিয় দি আছিলোঁ ৷ ম’বাইলটো বাজি উঠিল ৷ প্ৰণামীয়ে ফোন কৰিছিল ৷

“কোৱা প্ৰণামী ৷”

“মা এইমাত্ৰ ভাইটিৰ তালৈ গ’ল পাৰ্থ ৷”

মা কেইদিনমানৰপৰা আমাৰ তাত আছিল ৷ আজি ভাইটিৰ তালৈ গ’ল ৷ কোনো অভিযোগ অবিহনেই আমাক ডাঙৰ দীঘল কৰিলে, এতিয়া নাতি নাতিনীবোৰৰ দায়িত্বত ব্যস্ত মা ৷

“জানানে পাৰ্থ, মায়ে এনেদৰে অহা যোৱা কৰিয়েই থাকে দিয়াচোন ৷ কিন্তু আজি মা গুছি যোৱা বাবে মোৰ মনটো কিয় নাজানো, কিন্তু অসম্ভৱ বেয়া লাগিছে ৷”

মা আৰু প্ৰণামী ৷ সম্পৰ্কত শাহু বোৱাৰী ৷ হৃদয়ত মাক আৰু জীয়ৰী ৷

Saturday, November 19, 2016

সেই অশ্ৰুস্নাত হাঁহিটি !

কেতিয়াবা একেবাৰে অপ্ৰত্যাশিতভাৱে একোটা স্মৰণীয় অভিজ্ঞতাৰ সন্মূখীন হোৱা যায়, যিটোৱে আপোনাৰ মন মস্তিষ্ক জোকাৰি কিছুমান কথা হৃদয়েৰে ভাবিবলৈ বাধ্য কৰিব পাৰে ৷

চাৰি বছৰমান বয়সৰ ল’ৰা এটা লৈ মাক এগৰাকী মোৰ চেম্বাৰলৈ আহিছিল ৷  জটিলতা থকা ৰোগ নাছিল, গতিকেই ল’ৰাটোক পৰীক্ষা নিৰীক্ষা কৰোতে বেছি সময় নালাগিল ৷ মই প্ৰেছক্ৰিপচনখন লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু তেতিয়াই সেই অনাকাংক্ষিত ঘটনাটো ঘটিল ৷ ল’ৰাটো মাকৰ ওচৰৰপৰা উঠি আহি মোৰ সোঁহাতখন তাৰ অকণমানি হাতদুখনৰ মাজত লৈ মৰমেৰে চুমা এটা যাচিলে ৷ কণমানি এটাৰ মৰমৰ এনে বিৰল বহিঃপ্ৰকাশত  মোৰ হৃদয় উথলি উঠিছিল ৷ মোৰ চকুত চকু থৈ অলপ হঁহাৰ দৰে কৰি ভঙা ভঙা মাতেৰে সি কৈছিল,

“ডাক্তৰ আংকল, তুমি ভাল ৷”

মই কিবা কোৱাৰ আগতেই মাকগৰাকী উদ্বিগ্ন হৈ পৰিছিল ৷

“ইয়ালৈ আহা বাবা ৷ আংকলে অসুবিধা পাব ৷”

মাকে তাক আঁতৰাই নিব বিচাৰিলে, কিন্তু সি মোৰ আঙুলি এটাত জোৰেৰে খামুচ মাৰি ধৰিছিল ৷ মই মাকলৈ চাই হাঁহিলোঁ,

“চিন্তা নকৰিব বাইদেউ ৷ ইয়াৰ নিচিনা মিলা মিছা কৰা শিশুৰোগী পোৱাটো মোৰেই ভাগ্য ৷ ই মোৰ কাম উজুহে কৰিছে ৷ নহ’লেটো কিছুমান ল’ৰা ছোৱালীয়ে মোৰ বাৰ বজাই তেৰত ঘটমটাই দিয়ে ৷”

মাকগৰাকী কিছু সহজ হৈছিল ৷ ল’ৰাটোৱে মোৰ আঙুলিটো তেতিয়াও ধৰিয়েই আছিল ৷

“বাবাটো, আঙুলিটো এৰি দিয়া আকৌ, মই তোমাৰ ঔষধ লিখিব লাগিব নহয় ৷”

সি আঙুলিটো এৰি দিলে ঠিকেই, কিন্তু দুখ কৰা যেন দেখুৱাই মোৰ কোলালৈ আহিবলৈ বুলি হাত দুখন মেলি ধৰিলে ৷ দৃশ্যটো কল্পনা কৰকচোন, কণমানি এটাই মৰম দেখুৱাই নিজ ইচ্ছাৰে মোৰ কোলালৈ আহিবলৈ বুলি আগ্ৰহেৰে হাত মেলি ধৰিছে, মোৰ সলনি আপুনি হোৱাহ’লে কি কৰিলেহেঁতেন? আপোনাৰ যি মনোভাৱ, মোৰো সেই একেই ৷ কণমানিটোক দাঙি ধৰিলোঁ ৷ মোক আকোৱালি ধৰি মোৰ বাহুত মুৰটো পেলাই ভঙা ভঙা মাতেৰে সি বাৰেপতি কৈ থাকিল,

“ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ “

জীৱনৰ এইবোৰ একো একোটা এনে মুহূৰ্ত, মনলৈ আহে, যেন শেষেই নহওক ৷ কিন্তু উপায় নাই ৷ দৃশ্যপটযে আগুৱাই নিব লাগিব ৷ কণমানিটোক মাকৰ কোলাত বহাই দিলোঁ ৷ মাকে হাঁহিছিল, কিন্তু তেখেতৰ দুচকুত যে আহিছিল বাৰিষাৰ ঢল ৷

“কি হ’ল বাইদেউ?”

“নাই ছাৰ, একো নাই ৷ কিন্তু পোনাটোৰ মানসিক আলোড়নক বুজিব পৰা খুব কম সংখ্যক মানুহৰ ভিতৰত আপুনিও এজন ৷”

তেখেতৰ উত্তৰে মোৰ বুকুত এপাত শেলে বিন্ধাদি বিন্ধিছিল ৷

অ’হ, মই ক’ব পাহৰিছোৱেই, ল’ৰাটো মানসিকভাৱে বাধাগ্ৰস্ত ৷ আৰু সেই মাতৃগৰাকীৰ অন্তৰ নিগৰি ওলোৱা প্ৰত্যেকটো শব্দই তেখেতৰ অন্তৰৰ বেদনা তথা মোৰ প্ৰতি ‘অপ্ৰয়োজনীয় কৃতজ্ঞতা’ বহন কৰিছিল ৷

যেতিয়া আমি কণমানি এটা লগ পাওঁ, এখন্তেকৰ বাবে হ’লেও আমি তাৰ লগত অলপ খেলি বা দুই এটা শিশুসুলভ কথোপকথনেৰে মনটো ভাল লগাব বিচাৰোঁ ৷ সকলোৱেই কৰে, সেইটো মানৱ ধৰ্ম, মানৱৰ সহজাত প্ৰবৃত্তি ৷ কিন্তু মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটিৰপৰা আমি যেন অলপ আঁতৰি চলোঁ, আওকাণ কৰোঁ ৷ যিমানেই অস্বীকাৰ কৰিবলৈ যত্ন নকৰোঁ কিয়, এইটো চিৰন্তন সত্য ৷ আৰু সেই মাতৃগৰাকীৰ মুখমণ্ডলত পৰিস্ফূত হৈ উঠা তেনে এক দুখজনক অভিব্যক্তিয়েও যেন একে অৰ্থই কঢ়িয়াই লৈ ফুৰিছিল ৷

তেখেত এগৰাকী মাতৃ ৷ সন্তানটি লালন পালন কৰোতে তেখেতে যিমানেই কষ্ট স্বীকাৰ নকৰক কিয়, সেয়া কেতিয়াও বাহ্যিকভাৱে প্ৰকাশ নকৰে ৷ বেছিখিনি সময়ত তেখেতে হয়তো এই কষ্টখিনি অনুভৱেই নকৰে ৷ কিন্তু আমাৰ ধনাত্মক দৃষ্টিভঙ্গীয়ে তেখেতক যিকোনো বাধা বিঘিনি পাৰ কৰিবলৈ মানসিক শক্তি প্ৰদান কৰিব ৷

আজিৰ এই লিখনিটোত এনে শিশুবোৰৰ প্ৰতি মাক দেউতাককে ধৰি আমি তথা সমাজখনৰ দায়িত্ব বা দায়বদ্ধতাৰ কথা আলোচনা নকৰোঁ ৷ সেয়া বহুত দীঘল হ’ব ৷ মই মাথোঁ ইয়াকে কওঁ যে মই নিজৰ মানসিক প্ৰশান্তি তথা হৃদয়ৰ তৃপ্তিৰ বাবেহে শিশুটিক কোলাত লৈছিলোঁ ৷ বেলেগ কাৰোবাৰ মানসিক অৱস্থাৰ একো কথাই মনলৈ অহা নাছিল ৷ কিন্তু মোৰ সেই কাৰ্য্যৰে মই অজানিতেই এগৰাকী মাতৃৰ হৃদয় শাঁত পেলালোঁ ৷ আৰু তেখেতৰ সেই সজল হাঁহিটি, যিটো মোৰ চকুৰ আগত এতিয়াও জীৱন্ত হৈ উঠিছে, সেই হাঁহিটিয়ে মোক বহুদিনলৈ আমনি কৰিব ৷

কবিয়ে কৈছে, সেইটো কেনেধৰণৰ হাঁহি, যি হাঁহিত দুচকু সেমেকি নুঠে ৷ মোৰ বা ভাইটি ভণ্টীৰ সফলতা কিছুমানত মায়ে চকুত চকুলো লৈ সুখৰ হাঁহি মৰা মন কৰিছোঁ ৷ মনটো সুখী হৈ পৰিছে ৷ জীয়ৰী প্ৰতিষ্ঠাৰ জন্মৰ পিছত পত্নীৰ দুচকু আনন্দত সেমেকি উঠা দেখিছোঁ ৷ হিয়া শাঁত পৰিছে ৷ আপোনাৰ সাফল্যত আপোন কোনোবাজনৰ সজল দুচকু আপুনিও হয়তো প্ৰত্যক্ষ কৰিছে ৷ আপোনাৰ কলিজাটো এক অবুজন সুখী কম্পনে জোকাৰি গৈছে ৷ কিন্তু সেই মহিলাগৰাকীৰ দৰে কাৰোবাৰ তেনে সজল হাঁহি একোটাৰ গধুৰ বোজা বহন কৰিবলৈ কলিজাটোৱে দেখোন বৰ কষ্ট পায় অ’ !

#বাস্তৱ ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷