Friday, July 29, 2016

মানে, বৰ লাজ পালোঁ ৷

নক'ব আৰু বুজিছেনে, মানসী, মানে মোৰ শ্ৰীমতীৰ বাবে নতুন চুৰিদাৰ এযোৰ কিনিবলৈ গৈছিলোঁ আজি ৷ ভাবিছিলোঁ, তেওঁক চাৰপ্ৰাইজ দিম ৷ কিন্তু বৰ লাজ পালোঁ বুজিছে? মানে কি বুলি যে বুজাওঁ আপোনাক ! বাৰু, অলপ আগৰপৰাই আৰম্ভ কৰা যাওক ৷

পৰহি মোৰ লগৰ এজনৰ ঘৰত ৰাতি ভাত খাবলৈ মাতিছিল ৷ মই অফিছৰপৰা ওলোৱাত অলপ দেৰিয়েই হৈছিল সেইদিনা ৷ লগৰজনে কৈছিল, বোলে আজিকালি দেখোন লগা লগি হোৱাৰ সময়েই নহয়, গতিকে অলপমান সোনকালে আহিবি, অতীত ৰোমন্থন কৰিব পাৰিম ৷ কিন্তু জানেই নহয়, য'তে বাঘৰ ভয়, ত'তে ৰাতি হয় ৷ কিবা কাম থকা দিনাখন সংসাৰখনৰ লেঠা কিছুমান ওলায় অফিচত ৷ অফিচতেই সন্ধিয়া সাত বাজিল সেইদিনা ৷ মানসীলৈ ফোন কৰিলোঁ,

"শুনিছা, মই আধা ঘণ্টাৰ ভিতৰত ঘৰ গৈ পাম ৷ তুমিও ওলোৱা আৰু সোণকো সাজু কৰি ৰাখা ৷ গৈ পোৱাৰ পিছত আৰু দেৰি নকৰোঁ ৷"

মানসীৰ উঠিল খং ৷ অৱশ্যে উঠিবলগীয়াই দিয়কচোন ৷

"তোমাৰ লগত আৰু নোৱাৰিছোঁ দেই চন্দন ৷ আমি কেতিয়াবাই ৰেডী ৷ চাৰে পাঁচবজাতে কাপোৰ কানি পিন্ধি সাজু হৈ থাকিবলৈ কোৱা নাছিলানে ৰাতিপুৱাই? আহা আহা, তুমিহে সোনকালে আহা ৷ ইপিনে সোণ যাবলৈ ৰেডী হৈ তুমি কেতিয়া আহি পাবা বুলি সুধি সুধি থেনথেনাই আছে ৷ দেউতাই উপায় নাপাই ফুৰাবলৈ লৈ গৈছে ৷"

"কিয়নো খং খাইছা অ'?"

"খং খোৱা নাই ৷ আহা তুমি ৷"

"হেৰি নহয়, ঘৰত নেমু আছেনে?"

"আছে, কিয়?"

"এটা কাম কৰাচোন, ধুনীয়াকৈ নেমু চৰ্বত এগিলাচ বনাই ফ্ৰীজত থৈ দিয়ানা ৷ চৰ্বত গিলাচ খায়েই বিপ্লৱহঁতৰ তালৈ বুলি ওলাই দিম ৷"

"কাম নাই আৰু এতিয়া মোৰ ৷ অতপৰে ৰৈ থাকি ব'ৰ হৈ আছোঁ, এতিয়া আকৌ তেওঁক নেমু চৰ্বত লাগে ৷ নোৱাৰোঁ মই বনাব ৷ ফ্ৰীজত  ঠাণ্ডা পানী আছে, তাকে খাবাহি ৷"

ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলোঁ ৷ আৰু কিবা কোৱা মানেই বিপদ চপাই লোৱা ৷ ঘৰ গৈ পায়েই বেলেগ কিবা ওজৰ আপত্তি শুনাৰ ভয়তে চিধা চিধি চিঞৰ বাখৰ লগাই দিলোঁ,

"ওলোৱা ওলোৱা ৷ যাও বুজিছা, দেৰিয়েই হ'ল ৷ বিপ্লৱহ'তে বেয়াই পাব এতিয়া ৷"

মানসীয়ে উভোটাই ধৰিলে,

"নিজেই দেৰিকৈ আহি কিহৰ চিঞৰ বাখৰখন কৰি দেখুৱাইছা? মুখখনটো কমচে কম ধুই লোৱা এবাৰ ৷"

পেটে পেটে ভালেই পালোঁ যদিও বাহিৰত একো নেদেখুৱাই আমাৰ শোৱনি কোঠাৰ সংলগ্ন বাথৰুমটোলৈ বুলি আগবাঢ়িলোঁ ৷ বাথৰুমৰপৰা ওলাই দেখোঁ, মানসীয়ে নেমু চৰ্বত এগিলাচ হাতত লৈ ৰৈ আছে ৷ কৈছোঁ নহয়, এইবোৰেইটো বিবাহিত জীৱনৰ সুখ ৷ এজনৰো খং বেছি সময় নাথাকে ৷ তথাপি অলপ অভিমান প্ৰকাশ কৰি ক'লোঁ,

"নবনাওঁ বুলি কৈছিলা দেখোন ৷ ঠাণ্ডা পানীৰেই চলাই দিলোঁহেতেন ৷ মিছা মিছি মোৰ বাবে কিয়নো কষ্ট কৰিব লাগে?"

মিচিকিয়া হাঁহি এটিৰে মোৰ গাল এখনত মিহিকৈ টিপা এটি মাৰি মানসীয়ে ক'লে,

"হ'ব দিয়া, ঠেঁহ পাতিব নালাগে এতিয়া ৷ খাই লৈ ওলোৱা ৷"

উস, মানসীৰ এনে এটি মৃদু টিপাই মোক যে শিহৰিত কৰি তোলে ৷ ৰিমঝিম বৰষুণত তিতি বুৰি লুকাই চুৰকৈ প্ৰেম কৰা দিনবোৰলৈ উলটি যাবলৈ হৃদয় ব্যাকুল হৈ উঠে ৷

চৰ্বত গিলাচ খাই থাকোতে মানসীলৈ চাই ৰ'লোঁ ৷ সৰু বেগ এটাত সোণৰ কিবা কিবি খুৱা বস্তু ভৰোৱাত ব্যস্ত তেওঁ ৷ পিছে তেওঁ পিন্ধি ওলোৱা কাপোৰযোৰহে মোৰ সিমান পচন্দ নহ'ল ৷ মানে ঠিকেই আছিল পোচাকযোৰ, কিন্তু অলপ যেন পুৰণি ৷

"এইযোৰ চুৰিদাৰেই পিন্ধি যাবানে মানসী?"

"অ' ৷ কিয়? কিবা বেয়া লাগিছে নেকি?"

"বেয়া লগা নাই ৷ কিন্তু বেলেগ, মানে অলপ নতুন এযোৰ পিন্ধা নেকি?"

"এইযোৰেই মোৰ আটাইতকৈ নতুন চুৰিদাৰ ৷ মনত আছেনে কেতিয়া দিছিলা?"

"কেতিয়া?"

"দুবছৰেই হ'লহি ৷ তাৰ পিছত দুবাৰকৈ পূজা গ'ল, কেইবাটাও বিহু গ'ল, এযোৰো নতুন কাপোৰ দিয়া নাই তুমি মোক ৷"

মানসীৰ অন্তৰৰ দুখ বাৰুকৈয়ে প্ৰকাশ পাইছিল তেওঁৰ কথাখিনিত ৷ তেওঁ আৰু একোৱেই নক'লে, আনটো ৰুমলৈ গৈ সোণক কোলাত লৈ মোৰ বাবে অপেক্ষা কৰিলে ৷ কিন্তু তেওঁৰ অভিমানভৰা নীৰৱতাই মোৰ অন্তৰ সেমেকাই তুলিলে ৷ বুজা পৰা কৰিব জনা মোৰ জীৱনৰ নাৰীগৰাকীয়ে মোৰ সীমিত উপাৰ্জনৰ কথা ভাবি মোক এযোৰ নতুন কাপোৰৰ কথা নক'লেই যেনিবা, মই গিৰিয়েকটো হৈ দুবছৰ ধৰি তেওঁক এযোৰো কাপোৰ নিদিয়াকৈ থাকিব পাইনে বাৰু? নকৰিবলগীয়া ঠাইতো কত টকাৰ শ্ৰাদ্ধ কৰি আছোঁ ৷ চেহ, নিজলৈয়ে ধিক্কাৰ জন্মিল ৷ মানসীয়ে হয়তো ঠিকেই কয়, মোৰ তেওঁৰ প্ৰতি ৰাপ অলপ কমিছেই বোধকৰোঁ আগতকৈ ৷ কিন্তু কৰিবনো কি? বস্তুৰ যিহে জুই চাই দাম, এই চাউল, ডালি, সোণৰ ডায়েপাৰ আদিবোৰৰ খৰচৰ হিচাপৰ প্ৰকোপত ৰোমাঞ্চ বোলা বস্তুটো কিবা যেন লুপ্তপ্ৰায় হ'ব ধৰিছে লাহে লাহে ৷ মনে মনে প্ৰতিজ্ঞা কৰিলোঁ, অতি সোনকালেই তেওঁৰ বাবে অলপ দাম দি ধুনীয়া কাপোৰ এযোৰ কিনি আনিম ৷ আৰু তাৰ ফলশ্ৰুতিতেই আজি মোৰ এই চুৰিদাৰ কিনা অভিযান পৰ্ব ৷

বছ, ভবা মতেই কাম ৷ আজি অফিচৰপৰা ওলায়েই কাপোৰৰ বজাৰখনলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ মোৰ সহকৰ্মী এজনে কৈয়েই পঠাইছে, কাপোৰৰ নতুন শ্ব'ৰুম এখন খুলিছে বোলে তাত ৷ বহুতৰ মাজত ভালৰো ভাল কাপোৰযোৰ বিচাৰি উলিয়াবলৈ উজু, তাৰোপৰি দামবোৰো খুব এটা বেছি নহয় বোলে, তাতোকৈ ভাল কথা, দৰ দামৰ কথা নাই, দামবোৰ লিখাই থাকে ৷ বাইকখন পাৰ্ক কৰি আঁতৰৰপৰাই দেখিলোঁ দোকানখন ৷ সন্মূখ ভাগটো সম্পূৰ্ণৰূপে কাঁচেৰে বনাইছে ৷ ভিতৰৰ উজ্বল লাইটৰ পোহৰত বাহিৰৰপৰা ভিতৰখন স্পষ্টভাৱে দেখা যায় ৷ একেবাৰে সন্মূখত বাহিৰলৈ মুখ কৰাই 'লাইফ চাইজ' পুতলা চাৰিজনীক ধুনীয়া ধুনীয়া চুৰিদাৰ একোযোৰ পিন্ধাই ৰাখিছে ৷ গোটেই কেইযোৰেই ধুনীয়া, কিন্তু গ্লাচৰ দৰ্জাখনৰ লগতেই থকা পুতলাজনীক পিন্ধাই ৰখা কোপোৰযোৰে মোৰ মন মুহি পেলালে ৷ বঢ়িয়া, মনতে ঠিৰাং কৰিলোঁ, সেইযোৰেই লৈ ল'ম ৷ নহ'লে ভিতৰত সোমোৱাৰ পিছত মোৰ যে 'অধিক মাছত বগলী কণা' ধৰণৰ সমস্যা নহ'ব, তাৰ কি মানে আছে? আঁতৰৰপৰা অলপ সময় আকৌ এবাৰ চাই ৰ'লোঁ পুতলাজনীলৈ ৷ কোনো কথাই নাই, এইযোৰ কাপোৰেৰে মানসীক বেছ ধুনীয়া লাগিব ৷ তাৰোপৰি কাপোৰযোৰ তেওঁ পচণ্ড কৰা কিবা সেই 'বেবী পিংক' বৰণীয়া ৷ অৱশ্যে কপাহী হ'লে সোণত সুৱগা চৰিব ৷ পুতলাজনীলৈ চাই চাই দৰ্জাখন ঠেলি ভিতৰলৈ সোমালোঁ ৷ কপাহী হয়নে নহয় এবাৰ চাই লোৱা ভাল হ'ব, সেইবুলি কাপোৰযোৰলৈ বুলি সোঁহাতখন আগুৱাওঁ বুলি ভাবোতেই পুতলাজনীয়ে মাত লগালে,

"কিবা ক'ব?"

মই থতমত খালোঁ ৷ হায় বিধি ! ইমানপৰে মই চাই থকা পুতলাজনী দেখোন এগৰাকী জীৱন্ত নাৰীহে ৷ হ'ল বুলিনো তেখেতে ইমানপৰে একেথৰে তেনেকৈ ৰৈ বাহিৰলৈ চাই থাকিব লাগেনে? বোধকৰোঁ কাৰোবাৰ অপেক্ষাত আছিল ৷ হয়তোবা কাৰোবাৰ কথা একান্ত মনে ভাবি আছিল ৷ আৰু মই তেওঁৰ কাপোৰযোৰেই পেকিং কৰি মানসীলৈ লৈ অনাৰ কথা ভাবি আছিলোঁ অতপৰে ৷ বৰ লাজ পালোঁ বুজিছেনে? মানে জঘন্য লাজ ৷ তেখেতৰ কথাৰ উত্তৰ দিওঁ বুলি ভাবিবলৈ নাপাওতেই মোৰ এই ফটা মুখখনৰপৰা মই গম নোপোৱাকৈয়ে নিজে নিজে ওলাই গ'ল,

"মানে আপোনাৰ কাপোৰযোৰ বৰ ধুনীয়া ৷"

"কি ক'লে?"

ফাঁট মেলা বসুমতী পাতালে লুকাওঁ ৷ কাণতলীয়া এটা যে নপৰিল গালত, সেয়াই বহুত ৷

"নাই নাই, একো নাই ৷ আপুনি ৰখক, মই পিছত আহিম ৷"

ততাতৈয়াকৈ দৰ্জা খুলি যোৱা বাটেৰেই খৰধৰকৈ ওলাই আহিলোঁ ৷ এবাৰ উজুটি খোৱা আঙুলিটোতে বাৰেপতি উজুটি খোৱা যায় ৷ সন্ধিয়াটো ভাল দেখা নাই, আৰু বা ক'ত কেনেকৈ লাজত পৰিব লগা হয়? ভাবি চিন্তি চিধা চিধি ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ আৰু মানসীলৈ কাপোৰ? হ'ব, বেলেগ এদিন ৷ প্ৰতিজ্ঞা কৰিলোঁ, এইবাৰ তেওঁক লগত লৈহে কাপোৰ কিনিবলৈ আহিম ৷ আৰু কোনোবা কাপোৰৰ দোকানৰ পুতলালৈ সইত সইত তিনি সইত খাই কৈছোঁ, কেতিয়াও নাচাওঁ ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Monday, July 11, 2016

অসময়ৰ হাঁহিটো ৷ :-)

নেত্ৰদাৰ ভোক নাছিল সিমান ৷ আচলতে সন্ধিয়া আলহী আহিছিল আৰু আলহীৰ লগত বহুত খোৱা বোৱা হ'ল ৷ ৰাতিৰ আহাৰৰ সময়ত বৌক সেয়ে ক'লে,

"শুনিছা, মই এতিয়া একো নাখাওঁ আৰু ৷ আগৰ খোৱাখিনিৰেই পেট ভৰি আছে ৷"

বৌৰ ওন্দোলা মুখ ৷ মানে উফন্দি দুচকুৰপৰা ধাৰাসাৰ বৰষুণ হোৱাৰ পথত ৷

"ইমান কষ্ট কৰি পনীৰৰ তৰকাৰিখন তেনেহ'লে মই কাৰ বাবে বনালোঁ? নাখালে আগতীয়াকৈ কোৱা হ'লেই ভাল আছিল ৷"

নেত্ৰ দাই দেখিলে যে কথা সৰ্বনাশ ৷ বৌৱে বনোৱা বুলি ক'লে কিছুমান বস্তুৰ সোৱাদৰ কথা ভাবি নেত্ৰ দাৰ বুকু কপি উঠে ৷ যত সৱ দোষ এই নতুন মাইক্ৰ'ৱেভ অভেনটোৰ ৷ কি খেতৰে পাইছিল বাৰু কিনিবলৈ? তাৰোপৰি আজিকালি মোবাইল টিপি ইণ্টাৰনেটতে নতুন নতুন খাদ্য প্ৰণালী শিকিব পাৰি নহয় ৷ গিৰিয়েকবোৰৰহে বাৰ বজা যেন হৈছে ৷ আজি বা কি নতুন ৰেছিপী ট্ৰাই কৰি তেওঁক খাব দিয়ে? পেটে পেটে ভগৱানৰ নাম ল'লে নেত্ৰ দাই ৷

"হ'ব দিয়া ৷ পনীৰ বনাইছা বুলি মোক কোৱাই নাই দেখোন? আৰে, তুমি বনোৱা পনীৰ নোখোৱাকৈ থাকিব পাৰি নেকি? ভাত নাখাওঁ বাৰু, পনীৰৰ তৰকাৰি অলপকে দিয়া ৷"

মোলায়েম হাঁহি এটি জিলিকি উঠিল বৌৰ ওঁঠত ৷ নেত্ৰদাই টিভিটো চলালে ৷ নেত্ৰ দাৰ অতিকৈ প্ৰিয় হাস্যমধুৰ চিৰিয়েল এখন দি আছিল সেই সময়ত ৷ বৌয়ে এটি মধুৰ চাৱনিৰে আবেগিক ভাৱে পনীৰৰ তৰকাৰি অলপ বাতি এটাত দি আকৌ পাকঘৰলৈ সোমাই গ'ল ৷ পনীৰৰ তৰকাৰি খাই খাই নেত্ৰ দা চিৰিয়েলৰ সোৱাদ লোৱাত নিমজ্জ হ'ল ৷

পাকঘৰৰপৰা বৌৱে সুধিলে,

"কেনে হৈছে তৰকাৰিখন?"

"এহ, বঢ়িয়া ৷ তুমি বনোৱা খানা বেয়া হোৱা মই পোৱাই নাই আজিলৈকে ৷"

ভুলক্ৰমে হ'লেও তৰকাৰিখন সঁচাই বহুত ভাল হৈছিল সেইদিনা ৷ বৌৰ অন্তৰখন গৌৰৱত ফুলি গ'ল ৷ কথাখিনি কৈ শেষ হওঁ নহওঁতেই চিৰিয়েলখনৰ এটা দৃশ্যত নেত্ৰদাৰ বহুত হাঁহি উঠি গ'ল ৷ হো হোৱাই হাঁহি দিলে আমাৰ নেত্ৰদাই ৷ নাই, বৰ বেয়া সময়ত মাৰিলে নেত্ৰ দাই হাঁহিটো ৷

বৌ পাকঘৰৰপৰা ওলাই আহিল দৌৰ মাৰি ৷

"মই বনোৱা তৰকাৰিখনৰ সোৱাদ ইমানেই বেয়ানে যে চিঞৰি চিঞৰি হাঁহিব লাগে? নামাতিবা মোক আজিৰপৰা ৷"

আৰু যোৱা তিনিদিনৰপৰা নেত্ৰদা আৰু বৌৰ মাতাবোলা বন্ধ ৷ :-)

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Saturday, July 02, 2016

জীৱন পৰিক্ৰমাৰ একেবাৰেই সাধাৰণ মুহুৰ্ত এটি ৷

জুলাই ২, ২০১৫:

সময় পুৱা ১০-৩০ বাজিছিল তেতিয়া ৷

১১ বছৰীয়া মৰম লগা ল'ৰা এটা দেউতাকৰ লগত তাৰ কিছুমান কাগজত চহী কৰাবলৈ মোৰ ওচৰলৈ আহিছিল ৷ প্ৰথম পৃষ্ঠাটোত মোৰ চহীটো কৰি তাৰিখটো লিখাৰ ঠিক আগমুহুৰ্তত তাক মই সুধিলোঁ,

"আজি জুলাই মাহৰ দুই তাৰিখ, নহয় জানোঁ?"

সি উত্তৰ দিলে,

"হয় ৷"

মই আকৌ সুধিলোঁ,

"আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ হয়নে?"

মৰমলগা হাঁহি এটিৰে সি উত্তৰ দিলে,

"হয় ৷ আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ ৷"

"তুমি নিশ্চিত?"

"নিশ্চিত ৷"

"খাটাং?"

"একদম খাটাং ৷"

কণমানিটোৰ হাঁহিটো আৰু অলপ বাঢ়ি গৈছিল ৷ মোৰ অভিপ্ৰায় সি হয়তো হৃদয়ঙ্গম কৰিবলৈ সক্ষম হৈছিল ৷ মোৰ চকুত চকু থৈ মৰা তাৰ দুষ্টামিভৰা হাঁহিটিয়ে মোৰ হৃদয় পুলকিত কৰি তুলিছিল ৷ তাৰ দেউতাকৰ মুখখনো উজলি উঠিছিল ৷

মই মিচিকিয়াই হাঁহিলোঁ, তাৰ পিছত কপালখন অলপ কোঁচ খোৱাই চিন্তা কৰা যেন দেখুৱাই তাক পুনৰ সুধিলোঁ,

"তেনেহ'লে মই লিখি দিওঁ আৰু ২ জুলাই বুলি?"

সি আৰু হাঁহি সামৰি ৰাখিব নোৱাৰিলে ৷ জোৰেৰে শব্দ কৰি হাঁহি তাৰ চকু, নাক আৰু কপাল কোঁচ খুৱাই নাটকীয় ভঙ্গীত সি কৈ উঠিল,

"লিখি দিয়ক ছাৰ লিখি দিয়ক ৷ লক কৰি দিয়ক ২ জুলাই বুলি ৷"

আৰু আমি তিনিওজনে প্ৰাণখুলি হাঁহিলোঁ ৷

চাবলৈ গ'লে মোৰ দৈনন্দিন জীৱনৰ এইটো একেবাৰেই সাধাৰণ মুহুৰ্ত এটি, আপোনালোকক ক'বলগীয়াকৈ তেনে কোনো বিশেষত্ব নাই ৷

কিন্তু দৰাচলতে এনে সাধাৰণ, ভাল লগা মুহুৰ্তবোৰেইটো আমাৰ জীৱনৰ নৌকাখন আগুৱাই লৈ যায় ৷

#বাস্তৱ,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Thursday, June 23, 2016

★★““সেই পুৰুষজনৰ উচুপনি !””★★

"ছাৰ, মোৰ শ্ৰীমতীৰ বাবে চাৰিবটল তেজ লাগে ৷ আপুনি অনুগ্ৰহ কৰি অলপ সোনকালে কৰি দিব পাৰিব নেকি?"

কেইবছৰমান আগৰ কথা ৷ ব্লাড বেংকৰ চিকিৎসা বিষয়া হিচাপে ৰক্তদাতাসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছিলোঁ ৷ তেনে সময়তে মানুহ এজনে আহি মোক লগ কৰিছিলহি ৷ আৰু সেই ক্ষণিক কথা বতৰাৰ প্ৰভাৱ এনে আছিল যে তেখেতৰ কথা মোৰ বহুদিনলৈ মনত থাকিব, হয়তোবা মোৰ সৰ্বস্ব জীৱন ৷

এজন ৰক্তদাতাৰ পৰীক্ষা চলি থকা অৱস্থাতে মোৰ অনুমতি নোলোৱাকৈ বন্ধ দৰ্জা খুলি মোৰ ৰূমত প্ৰৱেশ কৰি কোনো পাতনি নেমেলাকৈ স্পষ্ট ভাষাত নিজৰ মনোভাৱ ব্যক্ত কৰা মানুহজনলৈ মুৰ তুলি চাইছিলোঁ ৷ তেখেতৰ কথাখিনিত মিশ্ৰিত হৈ থকা তেখেতৰ হৃদয়ৰ আবেগে মোৰ বুকু কঁপাই তুলিছিল ৷ মানুহজনলৈ মন কৰিছিলোঁ, সেমেকা চকুযোৰেৰে নিজৰ আবেগ দমন কৰি ৰাখিবলৈ তেখেতৰ অশেষ কষ্ট হৈছিল ৷ চকু মুখত চিন্তাৰ লগতে বিষাদৰ তাড়না স্পষ্ট ৰূপত ফুটি উঠিছিল ৷ ৱাৰ্ডৰপৰা চিকিৎসকে তেজ বিচাৰি লিখি দিয়া কাগজখন মানুহজনে মোলৈ বুলি আগুৱাই দিলে ৷ বেলেগ আনুসংগিক ৰোগৰ লগতে বৰ বৰ হৰফেৰে লিখা আছিল, "এক্টিভ ব্লীডীং, পেচেন্ট ইজ ইন শ্বক ৷" মোৰ সেইসকল বন্ধু, যিয়ে কথাখিনি অনুধাৱন কৰিবলৈ অলপ অসুবিধা পাইছে, তেখেতসকলৰ জ্ঞাতাৰ্থে জনাও যে মহিলাগৰাকীৰ একেৰাহে ৰক্তক্ষৰণ হৈ আছিল, যাৰ ফলশ্ৰুতিত চিকিৎসকসকলে তেখেতৰ ৰক্তচাপৰ লগতে শৰীৰৰ আন জৰুৰী ক্ৰিয়া প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ অসুবিধাৰ সন্মূখীন হৈছিল ৷ অৰ্থাৎ অতিশয় গুৰুতৰ অৱস্থাত আছিল সেই মহিলাগৰাকী ৷ মই পৰীক্ষা কৰি থকা ৰক্তদাতাজনক অলপপৰ অপেক্ষা কৰিবলৈ কৈ মানুহজনৰ লগত ব্লাড বেংকৰ নিৰ্দিষ্ট বিভাগলৈ গৈ তাত কৰ্মৰত লেবৰেটৰীৰ সহায়কজনক খৰতকীয়াকৈ কামখিনি আগুৱাই দিবলৈ নিৰ্দেশনা দিলোঁ ৷ মানুহজনে ইমানপৰে এষাৰ কথাও কোৱা নাছিল ৷ তেখেতক কি ক'ম একো ভাবিও পোৱা নাছিলোঁ ৷ এনেয়েও এনেকুৱা অৱস্থাত কথা ক'বলৈ বৰ অসুবিধা পাওঁ ৷ তথাপিও সান্তনা দিয়াৰ অৰ্থে তেখেতৰ এটা বাহুত মোৰ সোঁহাতখন ৰাখি ক'লোঁ,

"চিন্তা নকৰিব, সকলো ঠিক হৈ যাব ৷ আমাৰ ফালৰপৰা আমি যিমান পাৰোঁ সিমান সোনকালেই তেজখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম ৷"

জীৱনটোত এতিয়ালৈকে বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰৈছোঁ ৷ বহুতো মৰ্মান্তিক অভিজ্ঞতাৰো সন্মূখীন হৈছোঁ ৷ পত্নী এগৰাকীৰ বাবে অলপো আন্তৰিকতা নথকা কেৱল নামটোৰ স্বাৰ্থত 'পতি' হৈ থকা মানুহ বহুতো দেখিছোঁ ৷ নকৰিলে নহয় বাবেই মৰম চেনেহ নোহোৱাকৈ যান্ত্ৰিকভাৱে কাম কৰি যোৱা গিৰিয়েকো লগ পাইছোঁ ৷ আৰু ঘৈণীয়েকৰ ৰোগৰ বাবে ৰাতি দিন একাকাৰ কৰি খোৱা শোৱাৰ খেয়াল নৰখাকৈ একেৰাহে ঘৈণীয়েকৰ লগতে লাগি থকা গিৰিয়েকো বহুত দেখিছোঁ ৷ শুনিবলৈ বেয়া লাগিলেও পত্নী একোগৰাকী ঢুকাই থাকিলেও একো কথা নাই বুলি ভাবিব পৰা স্বামীদেৱতাও কেইবাজনো লগ পাইছোঁ ৷ এনেবোৰ উদাহৰণেৰে কেৱল পুৰুষসকলক দোষাৰূপ কৰিব বিচৰা নাই, নকৰোও, এইবোৰ হ'ল মানুহৰ একো একোটা প্ৰবৃত্তি ৷ ঠিক সেই একেই 'প্ৰজাতি'ৰ মহিলাৰো সন্মূখীন হৈছোঁ অলেখবাৰ ৷

মানুহজনে তেতিয়াও তলমুৱা হৈ কিবা ভাবি আছিল ৷ মোৰ সান্তনাই তেখেতক বিচলিত কৰি পেলালে বোধকৰোঁ ৷ এনেয়েও দুখৰ মুহুৰ্ত একোটিত মিছাকৈ হ'লেও সমবেদনা জনোৱা কাৰোবাক লগ পালে অন্তৰ ভৰি উঠে দেখোন ৷ মানুহজনে নিজকে আৰু নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে, হুক হুকাই কান্দি পেলালে ৷ তেখেতৰ কাৰুণ্যতাই মোক অপ্ৰস্তুত কৰি তুলিলে ৷ কিছু সময়ৰ পিছত তেখেতৰ কান্দোন উচুপনিলৈ পৰিবৰ্তন হ'ল ৷ বাহ্যিকভাৱে একো প্ৰকাশ নকৰিলোঁ, কিন্তু তেখেতৰ উচুপনিয়ে মোৰ বুকুখন আৰু অধিক গধুৰ কৰি তুলিলে ৷ ল'ৰাই বোলে নাকান্দে, ধুৰ ৷

যথাসম্ভৱ সোনকালেই ব্লাড বেংকৰ কামখিনি আগুৱাই দিয়া হ'ল ৷ কেইঘণ্টামানৰ পিছত মানুহজনে মোক লগ কৰিলেহি ৷ মোৰ ডিউটি শেষ কৰি ঘৰমুৱা হ'বলৈ সাজু হৈছিলোঁ সেই সময়ত ৷

"ছাৰ, শ্ৰীমতীৰ অৱস্থা আগতকৈ বহু উন্নত হৈছে ৷ চিকিৎসকে বিপদৰ বাহিৰত বুলি কৈছে ৷ আপোনাক ধন্যবাদ জনাবলৈ আহিলোঁ ৷"

মানুহজনে কথাখিনি কোৱাৰ আগতেই অৱশ্যে তেখেতৰ মুখমণ্ডলত পৰিস্ফুত হোৱা উজ্জ্বল এমোকোৰা হাঁহিয়ে মোক বহু কথাই কৈ পেলাইছিল ৷

মানুহজনৰ ঘৰৰ ঠিকনা মই সুধা নাছিলোঁ ৷ তেখেতৰ নামটোও নুসুধিলোঁ ৷ কেতিয়াবা লগ পালে কিন্তু মই নিঃসন্দেহে তেখেতক চিনি পাম, পাহৰি পেলোৱাৰ কোনো প্ৰশ্নই নুঠে ৷ পৰিচয়বিহীন সেই মানুহ গৰাকী মোৰ বাবে এক আদৰ্শ হৈ ৰ'ৱ ৷ তেখেতৰ শ্ৰীমতীৰ সৈতে তেখেত সুখত থাকক, তাকেই কামনা কৰিলোঁ ৷  

তেখেতৰ অজানিতেই তেখেতে মোক সম্পৰ্ক একোটাত নিঃস্বাৰ্থ আন্তৰিকতাৰ প্ৰয়োজনীয়তাৰ কথা অন্তঃকৰণেৰে বুজাই দিলে ৷ জীৱনটো যে নহয় দিবা নৈশৰ সমষ্টি মাথো, ই যে আৰু বহু কিবা ৷

মানুহজন ভাটিবয়সীয়া ৷ আৰু তেনে বয়সৰ এজন মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি যেতিয়া নিজৰ ঘৈণীয়েকৰ প্ৰতি আবেগত কান্দি উঠে, সেই ঘটনাৰ সাক্ষী হোৱাৰ অভিজ্ঞতাটো অত্যুৎকৃষ্ট ৷ এনে বিৰল প্ৰেমৰ নিদৰ্শন যে সঁচাকৈ অতুলনীয় ৷ ভাষাহীন ৷ অপূৰ্ব ৷ অনন্য ৷


#বাস্তৱ,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Wednesday, May 25, 2016

চকুলোৰ লিখনি ৷

অনিৰ্বাণে সেইদিনা ৰসিকতা কৰি প্ৰিয়ংকৰক সুধিছিল,

"তই লিখা বাকীবোৰ লিখনিৰ কথা নকওঁ, কিন্তু কিছু লিখনি পঢ়ি সাংঘাটিক দুখ লাগে ৷ সেই কাহিনীবোৰ কেতিয়া লিখ বে? বেজাৰ লাগি থকা সময়ত লিখ নেকি? ইমান দুখ নে তোৰ সংসাৰত? মই দেখাতটো নহয়  ! নে আমি কোনেও নজনাকৈ পৰিণীতাৰ লগত দুৰ্বাদল কাজিয়া কৰি মনৰ দুখতে দেৱদাস হৈ দুখৰ কাহিনীবোৰ লিখ?"

অনিৰ্বাণৰ প্ৰশ্ন শুনি প্ৰিয়ংকৰৰ হাঁহি উঠি গ'ল ৷ উত্তৰ দিব লওতেই কেইমাহমান আগৰ ঘটনা এটিলৈ অকস্মাতে মনত পৰি গ'ল তাৰ ৷

আচলতে মহিলা এগৰাকী সেইদিনা কিবা ৰোগ সংক্ৰান্তত প্ৰিয়ংকৰৰ চেম্বাৰলৈ আহিছিল ৷ তেখেতক চোৱা মেলা শেষ হোৱাৰ পিছত ঔষধৰ নিদান পত্ৰ লিখি থকা সময়তে কিছু কথাৰে মহিলাগৰাকীয়ে তাক একপ্ৰকাৰ অপ্ৰস্তুত কৰি তুলিছিল ৷ সেই মুহুৰ্তৰ আগলৈকে সেই মহিলাগৰাকীয়ে তাক চিকিৎসকৰ বাহিৰতো এজন লিখকৰ চিনাকিৰে জানে বুলি সি কল্পনাও কৰা নাছিল ৷ মহিলাগৰাকীয়ে তাক কৈছিল,

"আপোনাৰ লিখনিবোৰ পঢ়ি বৰ ভাল লাগে ছাৰ ৷ অন্তৰ চুই যায় ৷ কেতিয়াবা কোনোবাটো লিখনিৰ মাজত মই নিজকে আবিষ্কাৰ কৰোঁ ৷ স্তব্ধ হৈ পৰোঁ, ভাৱ হয় যেন আপুনি মোৰ কথাই লিখিছে ৷ বুজি পাওঁ, এইবোৰ আপোনাৰ কল্পনা, লিখনিবোৰো চুটিয়েই, কিন্তু আপোনাৰ লিখনিয়ে মোক প্ৰায়েই কন্দুৱায় ৷ ইমান কৰুণ লিখনি আপুনি কিয় লিখে ছাৰ? বাহ্যিক দৃষ্টিত সুখী দেখিলেও আপোনাৰ জীৱনটোও মোৰ দৰেই কেৱল দুখেৰে পৰিপূৰ্ণ নেকি?"

মহিলাগৰাকীয়ে উচুপি উঠিছিল ৷ প্ৰেছক্ৰিপছন লিখি থকাৰপৰা প্ৰিয়ংকৰে মুৰ তুলি চাইছিল ৷ একমুহুৰ্তৰ বাবে কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল সি ৷ ওচৰতে বহি থকা মহিলাগৰাকীৰ তেৰ চৈধ্য বছৰীয়া জীয়ৰীজনীয়ে উঠি আহি মাকক আকোৱালি ধৰিছিল ৷ প্ৰিযংকৰে মন কৰিলে, মাকৰ উচুপনিয়ে ছোৱালীজনীৰো দুচকু সেমেকাই তুলিছিল ৷ তাই কৈছিল,

"মায়ে আপোনাৰ লিখাবোৰ বৰ ভাল পায় ডাক্তৰ আংকল ৷ আমাকো পঢ়ি শুনায় ৷"

এক অবুজ শিঁহৰণে কঁপাই তুলিছিল প্ৰিয়ংকৰৰ অন্তৰ ৷ চিকিৎসাবৃত্তিৰপৰা আহৰি উলিয়াই চেগে চোৰোকাকৈ কিবা কিবি দুই এক লিখাৰ প্ৰয়াস কৰে সি ৷ কিন্তু তাৰ লিখনিয়ে কাৰোবাক এনেধৰণে আবেগিক কৰি তুলিব পাৰে বুলি তাৰ ঘুণাক্ষৰেও কেতিয়াও মনলৈ অহা নাছিল ৷ তাৰ লিখনি ভাল পোৱা বুলি শুনি মনটো ভাল লাগিব লাগিছিল যদিও মহিলাগৰাকীৰ অশ্ৰুভৰা দুনয়নে বৰঞ্চ তাক আবেগিকহে কৰি তুলিলে ৷

মহিলাগৰাকীয়ে পুনৰ ক'লে,

"আচলতে মোৰ জীৱনটোত এতিয়ালৈ বহু বেছি দুখৰেই সন্মূখীন হৈছোঁ ৷ সেই কাৰণেই নেকি, দুখৰ কাহিনী একোটা মই বৰ আগ্ৰহেৰে পঢ়ো, ব্যথিত হৈ পৰিলেও তেনে কাহিনী একোটাই মোক অনুভৱ কৰিবলৈ শিকায় যে দুখৰ পৃথিৱীখনত মই  কোনোপধ্যে অকলশৰীয়া নহওঁ  ৷ ক'বলৈ গ'লে বহুত কথাই ক'বলগীয়া আছে ছাৰ, সকলোবোৰ শুনিবলৈ আপোনাৰ সময়ো নহ'ব, ময়ো হয়তোবা ক'বলৈ নোৱাৰিম ৷"

মহিলাগৰাকী একমুহুৰ্ত থমকি ৰ'ল ৷ তাৰ পিছত প্ৰিয়ংকৰলৈ চাই পুনৰ ক'লে,

"মই আপোনাক ডিষ্টাৰ্ব কৰিছোঁ নেকি বাৰু?"

"নাই, নাই, আপুনি কৈ যাওক, মই শুনি আছোঁ ৷ বাৰু, এক মিনিট ৰ'ৱচোন ৷"

প্ৰিয়ংকৰে কলিং বেলটো টিপিলে ৷ ৰিচেপচনৰ ল'ৰাটো সোমাই আহিল ৷

"পেচেণ্ট আৰু কিমান আছে অ'?"

"কেইবাজনো আছে ছাৰ ৷"

"একো কথা নাই, এটা কাম কৰিবি, এখেতক চাওতে অলপমান বেছি সময়েই  লাগিব ৷ মানুহখিনিক জনাই থবি ৷ নহ'লে কোনোবাই চিঞৰ বাখৰ কৰি পৰিস্থিতি বেয়া কৰিব ৷"

ল'ৰাজন ওলাই গ'ল ৷ মহিলাগৰাকীয়ে ক'লে,

"আজিলৈ যাওঁ দিয়ক ছাৰ ৷ পেচেণ্টো বহুত আছে ৷"

"একো নাই ৷ মই জনাই দিছোঁ নহয় ৷ তাৰোপৰি কিছুমান ৰোগীক পৰীক্ষা কৰোতে বেছি সময় লাগেই, নহয় জানোঁ? তাতোকৈয়ো দৰকাৰী কথাটো হ'ল যে আপুনি এনেদৰে কান্দি কাটি চেম্বাৰৰপৰা ওলাই গ'লে মোৰো ভাল নালাগিব ৷"

মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহিলে ৷

"তাৰ পিছৰ কথাখিনি কওকচোন বাইদেউ ৷"

"মই তেনেই সৰু কালতেই বিয়াত বহিবলৈ বাধ্য হ'লোঁ ছাৰ ৷ স্বামীৰ ঘৰখনৰ সকলোৱে মোক সম্পূৰ্ণ আপোন কৰি লৈছিল ৷ মোৰ দুখৰ দিনবোৰৰ অন্ত হোৱা বুলি মনলৈ আহিছিল ৷ ওচৰৰ কলেজ এখনত নাম লগাই দিছিল মোক মোৰ শাহু আয়ে ৷ তাৰপৰাই তেখেতৰ উৎসাহতে বি, এ, পাছ কৰিছিলোঁ ৷ তাৰ পিছত ঘৰৰ ওচৰৰে প্ৰাইভেট স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে সোমাইছিলোঁ ৷ দৰমহা কম আছিল যদিও মোৰ লাগতিয়াল বস্তুখিনি যোগাৰ কৰাৰ উপৰিও মানুহজনক ঘৰ চলোৱাত কিঞ্চিতমানকৈ হ'লেও সহায় কৰিব পাৰিছিলোঁ ৷ দুবছৰ পিছত আমাৰ মাজলৈ বোপাটোৰ আগমন ঘটিল ৷ নৰ্মেল ডেলিভাৰীয়েই হৈছিল, কিন্তু জন্মৰ পিছত কিছুসময় সি উশাহ নিশাহ ল'বপৰা নাছিল ৷ চিকিৎসকসকলে যথাসাধ্য চেষ্টা কৰি তাক বচালে যদিও মানসিক অসুস্থতাৰ চিকাৰ হৈছিল মোৰ বোপাটো ৷ এতিয়া এই ওঠৰ বছৰ বয়সতো বাথৰুমলৈ যোৱাৰপৰা আৰম্ভ কৰি তাৰ সকলো কাম মই নিজেই তদাৰক কৰিবলগীয়া হয় ৷ শাহুৰো দেহ পৰি আহিছিল লাহে লাহে  ৷ বোপাটোৰ জন্মৰ ডেৰ বছৰ পিছত তাক চোৱা চিতা কৰাৰ স্বাৰ্থত মই চাকৰিটোও বাদ দিব লগাত পৰিলোঁ ৷"

কান্দোনত ভাঙি পৰিছিল মানুহগৰাকী ৷ মাকৰ দুখত ছোৱালীজনীও ব্যথিত হৈ পৰিছিল ৷ প্ৰিয়ংকৰে কি বুলি ক'ব ভাবি থাকোতেই তেখেতে নিজকে কোনোমতে চম্ভালি পুনৰ কৈছিল,

"ল'ৰাটোৰ বাবে মোৰ কষ্ট হৈছে বুলি মই দুখ কৰা নাই ছাৰ ৷ মাক হিচাপে মই তাৰ বাবে সকলো বা যিকোনো কষ্ট স্বীকাৰ কৰিবলৈ সাজু ৷ কিন্তু আমি মাক দেউতাকহালৰ অবিহনে তাৰ কি দশা হ'ব সেয়া ভাবি অন্তৰখনে হাহাকাৰ কৰি উঠে ৷ কোনে তাৰ দ্বায়িত্ব ল'ব বাৰু?"

কিছুসময়ৰ নীৰৱতাৰ অন্তত তেখেতে ক'লে,

"ভগৱানৰ বিচাৰৰ তুলাচনীখন মোৰ আজিলৈকে বোধগম্য নহ'ল ছাৰ ৷ কোনোবাই কেতিয়াবা যে কয়, ভগৱানৰ কণা চকু এটা থকা বুলি, সঁচাকৈয়ে মোৰ ক্ষেত্ৰত তেখেতৰ কণা চকুটোৱেই দি থ'লে কিজানি ৷ সৰুতেই মা দেউতাক হেৰুওৱাৰ পিছত মামায়ে মোৰ দ্বায়িত্ব লৈছিল, কিন্তু অৱশেষত মামীৰ অত্যাচাৰৰপৰা ৰক্ষা কৰিবলৈ মোক মামাই কম বয়সতে বিয়া দিবলৈ বাধ্য হ'ল ৷ মোৰ দুখ যেন কেতিয়াও নাতৰিবই ৷"

প্ৰিয়ংকৰে ক'লে,

"দুখ কাৰ জীৱনত নাই বাইদেউ? কাৰোবাৰ অলপ কম, কাৰোবাৰ হয়তোবা অলপমান বেছি ৷ মোৰ জীৱনতো দুখৰ উপস্থিতিৰ বাবেই বোধকৰোঁ বেলেগৰ দুখ ময়ো অনুধাৱন কৰিব পাৰিছোঁ ৷ তাকেই মোৰ লিখনি কিছুমানত বাস্তৱৰ লগতে কিছু কল্পনাৰ ৰহন সানি চৰিত্ৰবোৰৰ পৰিচয় লুকুৱাই ৰাখি প্ৰকাশ কৰিবলৈ যত্নও কৰিছোঁ ৷ সুখ বোলা বস্তুটো আমাৰ জীৱন নাট্যমঞ্চৰ একেবাৰেই সৰু সৰু, তেনেই চুটি চুটি মুহুৰ্ত কিছুমানহে ৷ সেই সত্যটো যিয়ে অনুধাৱন কৰিব পাৰে, তেৱেই সুখী হয় ৷ ভগৱানে বিচাৰ কৰোতে ভুল নকৰে, সাতে পাঁচে মিলাই তেখেতৰ অংক ঠিকেই মিলাই ৰাখে ৷ আপোনাৰো ভাল দিন আহিব ৷ আপুনি ইমান ভাঙি নপৰিবচোন ৷"

"ভাঙি পৰা নাই ছাৰ ৷ ৰূঢ় বাস্তৱৰ সন্মূখীন হ'বলৈ মই নিজকে পুৰাদমেই সাজু কৰি পেলাইছোঁ ৷ আপোনাৰ লিখনিবোৰ পঢ়ি মই অনুভৱ কৰোঁ, মানুহৰ অন্তৰৰ  বুজ ল'বলৈ আপুনি সক্ষম ৷ মনৰ দুখ পাতলাবৰ বাবেহে আপোনাৰ আগত কথাখিনি ক'লোঁ ৷ আৰু এটা অনুৰোধ আছে আপোনালৈ, ৰাখিব পাৰিবনে বাৰু?"

"কওকচোন ৷"

"মোৰ জীৱনৰ ঘটনাবোৰ পিছত সময় লৈ আপোনাক জনাম ৷ পাৰিলে মোৰ জীৱনটোৰ ওপৰতো আপুনি লিখিবলৈ যত্ন কৰিবচোন ৷ ময়ো আগতে অলপ অচৰপ লিখা মেলা কৰিছিলোঁ ৷ কিন্তু এতিয়া লিখিবলৈ ল'লে কিছু সময়ৰ পিছতে লিখনিবোৰ মোৰ কান্দোনলৈ ৰূপান্তৰ হয় ৷ কলম থমকি ৰয় ৷ চকুপানীৰ উপদ্ৰৱত লিখনিৰ সমলবোৰ অন্তৰৰ চুকতে বিলীন হয় ৷ আপুনি লিখিবনে ছাৰ মোৰ চকুলোৰ লিখনিবোৰ?"

"চেষ্টা কৰিম বাৰু ৷"

মহিলাগৰাকী গৈছিলগৈ ৷

'অই বেটা, কি ভাৱত বিভোৰ হ'লি?"

অনিৰ্বাণৰ মাতত বাস্তৱলৈ ঘুৰি আহিল প্ৰিয়ংকৰ ৷ সি ক'লে,

"হেৰৌ, পতি পত্নীৰ মাজত কাজিয়া নালাগি কাৰ মাজত লাগিব? তোৰ আৰু অনিন্দিতাৰ নালাগে? অৱশ্যে পৰিণীতাৰ লগত বাক বিতণ্ডা প্ৰায়েই হয় যদিও দেৱদাস হ'বলগীয়া পৰিস্থিতি এটা বিয়া হোৱাৰ পিছত এতিয়ালৈকে হোৱাগৈ নাই ৷ পিছৰ কথা নাজানোঁ দেচোন ৷"

দুয়োটাই হাঁহিলে ৷ প্ৰিয়ংকৰৰ সম্মূখত সেই মহিলাগৰাকীৰ আশাহত সজল দুচকু জিলিকি উঠিল ৷ মনত প্ৰশ্নৰ উদয় হ'ল, ভগৱানৰ বিচাৰ সদায় নিৰ্ভুল হয়নে?

এজন দাৰ্শনিকৰ দৰে প্ৰিয়ংকৰে অনিৰ্বাণক ক'লে,

"কিন্তু কি জান? তই ঠিকেই সুধিছ ৷ হৃদয়স্পৰ্শী কাহিনী একোটা লিখিবলৈ হ'লে তোৰ অন্তৰত বেলেগৰ প্ৰতি দস্তুৰমত আদৰ, দয়া, মমতা আদিবোৰ থাকিবই লাগিব ৷ শোকজনক লিখনি একোটাৰ বাবে তোৰো নিজৰ কিছু হ'লেও দুখৰ দাস্তান থাকিব লাগিব নতুবা বেলেগৰ দুখ বুজিব পৰাকৈ তই সক্ষম হ'ব লাগিব ৷ কিন্তু এটা কথা জানি ল' বন্ধু, চকুত চকুলো লৈ কোনেও চকুলোৰ লিখনি লিখিব নোৱাৰে ৷"

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷