Tuesday, February 07, 2017

নতুন প্ৰতিজ্ঞা ৷

ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ তাইৰ বিয়ালৈ মাতিছিল, কিন্তু কিবা অসুবিধাৰ বাবে যাব পৰা নাছিলোঁ ৷ সেইদিনা অত বছৰৰ মূৰত গিৰিয়েকৰ লগত মোৰ চেম্বাৰ ওলাইছিলহি, পুতেকৰ অন্নপ্ৰাসনৰ নিমন্ত্ৰণ দিবলৈ ৷ মনতে ঠিৰাং কৰিলোঁ, এইবাৰ মিচ নকৰোঁ, যাবই লাগিব ৷ জুনিয়ৰজনীলৈ মন কৰিলোঁ, আগৰ সেই ক্ষীণ মীন ছোৱালীজনী স্বাস্থ্যৱতী হ’ল, মিছা ক’লে কিডাল হ’ব, আচলতে একেবাৰে বেলুন ফুলাদি ফুলি গ’ল ৷ আৰু মোৰ এই ফটা মুখখনেদি একো নভবাকৈয়ে ওলাই গ’ল,

“তোমাৰ স্বাস্থ্য বহুখিনি ভাল হৈছে আগতকৈ ৷”

যিটোহে চাৱনি দিলে ঐ, আগৰ যুগৰ ঋষি মুনিৰ চাৱনি হোৱা হ’লে ভষ্মই হ’লোঁহেঁতেন ৷ ভাগ্যক্ৰমে মগজুটোৱে মাত দিলে,

“মানে আগতকৈ শ্লিম হ’লা তুমি ৷ বিদ্যা শপত ৷”

উস, এইবাৰৰ লাজুক লাজুক মোলায়েম হাঁহিটিত যেন পুষ্প বৰষিছিল ৷ বাচিলোঁ বুজিছে, ভগৱানেহে বচালে আৰু ৷

সেইদিনাৰপৰা মোৰ নতুন প্ৰতিজ্ঞা, মহিলাৰ বয়সৰ কথা সুধিবলৈ কোনোবা যুগতেই বাদ দিলোঁ, আজিৰপৰা মহিলাৰ স্বাস্থ্যৰ কথাও কেতিয়াও নকওঁ ৷ মানে বাদ দিয়ক হে, অকালতে মৰিবলৈ শাওপাতৰ কিবা আকাল লাগিছেনে !

#কিছু_ধেমালি ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Tuesday, January 10, 2017

ভগৱান ৷

মই চিকিৎসাবিদ্যাৰ স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰ কথা ৷ মেডিকেল কলেজ হস্পিতেলৰ সন্মুখৰ পদপথত মানুহজনী প্ৰায়েই লগ পাইছিলোঁ ৷ মলিয়ন ফটা চিটা পোচাক, জপৰা চুলি, দিন মাহ ধৰি গা নুধুৱাৰ ফলশ্ৰুতিত দেহৰপৰা নিৰ্গত উৎকট তীব্ৰ গন্ধ আদিৰপৰা সহজেই অনুমেয়, মানুহজনী ‘পাগলী’ ৷ সেই ফুটপাথটোৰপৰা ৫০০ মিটাৰমানৰ ব্যাসাৰ্ধৰ এক পৰিসীমাত তাইৰ অবাধ ৰাজত্ব ৷ ওচৰ পাজৰৰ দোকানীবোৰে দয়া কৰি দিয়া কিবা কিবি খোৱা বস্তুৰেই তাই জীয়াই আছিল ৷ তাই হাঁহে, কান্দে, গান গায়, কমকৈ হ’লেও কাৰোবাক গুৱাল গালিও দিয়ে ৷ কান্দি থকাৰ মাজতে তীক্ষ্ণভাৱে হাঁহি উঠে ৷ হাঁহি থকাৰ মাজতেই কাৰোবাক গালিও দিয়ে ৷ অদৃশ্য কাৰোবাক মৰম কৰি ওচৰলৈও মাতে ৷ এদিনাখন তাইৰ ওচৰেৰে পাৰ হৈ যাওতে অকস্মাত এটি শিশুৰ কান্দোন শুনিছিলোঁ ৷ মাতৃদুগ্ধ পান কৰি থকা অৱস্থাত তাইৰ কোলাত এটি দেৱশিশু ৷ তাইৰ কাষ চাপি গৈছিলোঁ,

“কাৰ বাচ্ছা এইটো?”

“মোৰ পেটৰ ৷”

“বাপেক কোন?”

“ভগৱান ৷”

“তোৰ ভগৱানটোক লগ কৰাই দিব পাৰিবিনে?”
মানুহজনীয়ে সন্দিগ্ধ হৈ ইফালে সিফালে চাইছিল ৷ তাৰ পিছত হোঁ হোঁৱাই হাঁহিছিল, তাৰ পিছত ফুচ ফুচাই কৈছিল,

“কেনেকৈ দিম? দুষ্ট ভগৱানটো ৰাতিহে আহে ৷”

মানুহজনী আকৌ এবাৰ হাঁহিত ফাঁটি পৰিছিল ৷ উভটি আহোতে লগৰ জনীয়ে সাৱধান কৰি দিছিল, “চাবি দেই অনিন্দিতা, তাই মাজে মাজে বোলে ছোৱালীৰ কাপোৰ টানে ৷ তাইৰ ওচৰেৰে সাৱধানে যাবি ৷ নহ’লে নিজেই লাজত পৰিবি ৷”

“তই দেখিছ, নে শুনা কথা?”

“দেখা নাই, শুনা কথা ৷ সঁচাও হ’ব পাৰে ন ৷”

একো উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ ৷ কেইদিনমানৰ পিছত এদিন সন্ধিয়া অকলে হোষ্টেললৈ আহি থকা অৱস্থাত তাই হঠাতে মোৰ হাত এখনত থাপ মাৰি ধৰিছিল ৷ বহুত ভয় খাইছিলোঁ ৷ নাই, তাই মোৰ কাপোৰ টনা আঁজোৰা কৰা নাছিল, মোৰ হাতখন এৰি দি মোৰ চকুত চকু থৈ কাতৰ হৈ কৈছিল,

“অই ডাক্তৰনী, পোৱালীটোক কাপোৰ এটা দিব পাৰিবি? মোৰ ভগৱানটোও নাহে দেখোন ৷”

এজনী পাগলী নহয়, এজনী মাতৃৰ মুখামুখি হৈছিলোঁ সেইদিনা ৷ তেতিয়ালৈকে মই চিকিৎসক হৈ ওলোৱা নাছিলোঁ, জীৱনত পোনপ্ৰথমবাৰৰবাবে মোক কোনোবাই ‘ডাক্তৰনী’ বুলি সম্বোধন কৰিছিল ৷ পিছদিনা ক্লাছৰ শেষত পোৱালিটোৰ কাপোৰ এসাজ কিনি বেগতে ৰাখিছিলোঁ ৷ দুদিনমান পিছত তাইক লগ পাই দিওঁতে তাই মোক হিয়া উজাৰি আশীৰ্বাদ দিছিল,

“মোতকে তই বহুত ভাল ভগৱান পাবি ডাক্তৰনী ৷”

পোৱালিটোৰ মুখখনলৈ মন কৰিছিলোঁ ৷ ইমান মৰম লাগিছিল তালৈ ৷ হোষ্টেলত লগৰকেইজনীয়ে কৈছিল,

“তোকহে পোৱালিটো চাবলৈ দিছে, বেলেগক ওচৰ চাপিবই নিদিয়ে ৷”

দুমাহমানৰ পিছত দোকান এখনৰপৰা কিবা কিনিবলৈ গৈছিলোঁ ৷ আতঁৰৰপৰাই শুনিবলৈ পোৱা কাৰোবাৰ হিয়াভৰা কান্দোনে বুকুখন কঁপাই তুলিছিল ৷ গলিটোত সোমায়েই ‘পাগলীজনী’ দেখিছিলোঁ ৷ মোক দেখি চিঞৰি চিঞৰি তাই কৈছিল,

“অই ডাক্তৰনী, পোৱালিটো মৰি থাকিল অ’ ৷ ভগৱানটোও নাহিল ৷”

দোকানীজনে জনাইছিল, “কালি সন্ধিয়াৰেপৰাই কেচুৱাটোৰ বেমাৰ হৈ আছিল ৷ তাইৰ পাগলামি আৰু বাঢ়িছিল ৷ পোৱালিটোক বুকুত সাবটি তাই কেৱল কান্দিছিল ৷ কাকো ওচৰলৈ যাবলৈও দিয়া নাছিল ৷ আৰু ৰাতিপুৱা পোৱালিটো ঢুকাই থাকিল ৷”

বুকুখনৰ ক’ৰবাত প্ৰচণ্ড বিষ অনুভৱ কৰিছিলোঁ ৷ পাগলীজনীলৈ চাইছিলোঁ ৷ কোনো হাঁহি নাছিল, নাছিল কোনো গালি ৷ পোৱালিটোলৈ চাই চাই চিঞৰি চিঞৰি তাই কেৱল কান্দিছিল ৷ সেয়া যে এজনী পাগলীৰ কান্দোন নাছিল, সেয়া পাগলীজনীৰ মাজৰ এগৰাকী মাতৃয়ে কান্দিছিল, আৰু সেই কান্দোনে মোৰ হৃদয় চিৰাচিৰ কৰি পেলাইছিল ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

ফেছবুক লিংক

Thursday, December 22, 2016

সংগ্ৰাম ৷

২০১৪ চনৰ এপ্ৰিল মাহৰ ২৪ তাৰিখ ৷ লোকসভা নিৰ্বাচনৰ ভোটদান কৰি মৰিগাৱৰপৰা কর্মস্থল গুৱাহাটীলৈ উলটি আহি আছিলোঁ ৷ এনেকুৱা দিনবোৰত বেছি সংখ্যক গাড়ীয়েই নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰে, গতিকেই উভটি আহিবলৈ গাড়ী নোপোৱাৰ দৰে আহুকলীয়া পৰিস্থিতি এটাৰ সন্মুখীন হোৱাৰপৰা বাচিবলৈ ৰাতিপুৱা বাইক লৈয়েই গৈছিলোঁ ৷ অকলে অকলে আশী কিলোমিটাৰ বাট গাড়ী চলাই যাবলৈ কিছু চিন্তা কৰোঁ, বেলেগ কথা নহয়, কিন্তু পেট্ৰলৰ খৰচটোৰ কথা অলপমান ভাবিবলগীয়া হয়, গতিকে গাড়ীৰ সলনি বাইক ৷

সেইদিনা গৰম অলপ বেছিয়েই আছিল ৷ তাৰোপৰি মই ‘ফুল মাস্ক’ হেলমেট পিন্ধি আহিছিলোঁ ৷ প্ৰায় পঞ্চাশ কিলোমিটাৰমান অতিক্ৰম কৰাৰ পিছত বৰকৈ পানী খাবলৈ মন গ’ল ৷ বাইকখন ৰখাই ৰাজপথৰ ওচৰতে থকা দোকান এখনৰপৰা শীতল পানীয়ৰ বটল এটা কিনিলোঁ ৷ ঠিক তেনে সময়তেই এগৰাকী কম বয়সীয়া মহিলা চাৰি আৰু পাঁচ বছৰমান বয়সৰ দুটা ল’ৰাক লগত লৈ দোকানখনলৈ সোমাই আহিছিল ৷ মহিলাগৰাকী আৰু কণমানিদুটাৰ উৱলি যোৱা সাজ পোছাক আৰু অপুষ্টিজনিত চেহেৰাৰপৰা এই কথাটো সহজেই অনুমেয় আছিল, যে শিশুদুটিক লালন পালন কৰোতে এই মানুহজনীয়ে ইতিমধ্যেই যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে ৷

মহিলাগৰাকীয়ে দোকানীজনৰ লগত কিবা কথা পাতিবলৈ আৰম্ভ কৰিছিল, কিন্তু কণমানিদুটাই অত্যন্ত জিজ্ঞাসাৰে মোলৈ চাই আছিল ৷ সম্ভৱতঃ ‘ক’ল্ড ড্ৰিংক’ৰ বটলটোৰপৰা মই পোনে পোনে পানীয়খিনি মুখত ঢালি লোৱাৰ ধৰণটো দেখি সিহঁত দুটাই বৰ আমোদ পাইছিল, হয়তোবা কণমানিৰ সুবিশাল জগতখনৰ মই অনুধাৱন কৰিব নোৱাৰা কোনোবা কাৰ্টুন চৰিত্ৰৰ লগত মোৰ সামঞ্জস্য বিচাৰি পাইছিল, বা অন্য কিবা কাৰণো হ’ব পাৰে, কিন্তু একেথৰে তেনেদৰে মোলৈ চাই থকা দেখি অলপ সময়ৰ পিছত মই অসহজ বোধ কৰিছিলোঁ ৷ সিহঁত দুটালৈ চাই হাঁহিছিলোঁ, সিহঁত দুটাইয়ো প্ৰত্যুত্তৰ স্বৰূপে মোলৈ দুটি মিঠা হাঁহি উপহাৰ দিছিল ৷ বৰ মৰমলগা আছিল দুয়োটা ৷ এবাৰ মনলৈ আহিল যে এটা ক’ল্ড ড্ৰিংকৰ বটল কিনি দিয়া যাওক সিহঁত দুটাক, কিন্তু পিছমুহূৰ্ততে সেইটো ভাল কথা নহ’ব যেন ভাবি সিদ্ধান্ত সলনি কৰিলোঁ ৷ দোকানীজনক দুটা পাঁচ টকা দামৰ কেডবাৰী চকলেট দিবলৈ ক’লোঁ ৷ মহিলাগৰাকীয়ে যেন কিবা এটা অনুমান কৰিব পাৰিলে, কপালত এক চিন্তাৰ ৰেশ টানি তেখেতে মোক ক’লে,

“বেয়া নাপাব দাদা, এটা কথা সুধোঁ ৷”

“কওঁকচোন ৷”

“চকলেট কেইটা আপুনি কেনেবাকৈ ইহঁত দুটাৰ বাবে কিনিছে নেকি?”

“হয়, যদিহে আপুনি বেয়া নাপায় ৷”

এটি শ্লেষমিশ্ৰিত হাঁহি মাৰিছিল মানুহগৰাকীয়ে ৷

“ক্ষমা কৰিব দাদা ৷ বেয়া পোৱা বা ভাল পোৱাৰ কথা নাহে ৷ কিন্তু আপুনিয়েই কওকচোন, আজি বাৰু আপুনি দিব, কালি মই চকলেটৰ বাবে কাক লগ কৰিম? প্ৰতিদিনে দহ টকা এনেদৰে খৰচ কৰাটো মোৰ বাবে সম্ভৱপৰ নহ’ব ৷ দুখীয়া মাকৰ সন্তান, সেয়ে ইমান মৰম ইহঁতৰ প্ৰাপ্য নহয় ৷”

মোক আৰু একো কোৱাৰ সুযোগ নিদি সৰুটোক কোলাত লৈ ডাঙৰটোৰ এখন হাতত টানি টানি মহিলাগৰাকী আঁতৰি গৈছিল ৷ এনে এক প্ৰতিক্ৰিয়া মোৰ বাবে একেবাৰেই অপ্ৰত্যাশিত আছিল ৷ লাজ পাইছিলোঁ, অপমানিত বোধ কৰিছিলোঁ ৷ কণমানিকেইটাক অলপমান মৰম কৰিবলৈ বিচাৰি যেন প্ৰচণ্ডভাৱে মুখথেকেচা খাইছিলোঁ ৷ দোকানীজনৰো মুখৰ মাত হেৰাই গৈছিল ৷ সান্ত্বনা দিয়াৰ অৰ্থেই যেন তেখেতে মোক কৈছিল,

“মানুহজনী অভদ্ৰ ৷”

উত্তৰ দিয়াৰ আৱশ্যকতা অনুভৱ নকৰিলোঁ ৷ মই দিয়া এশটকীয়া নোটখনৰপৰা ৰাখিবলগীয়া খিনি ৰাখি ঘুৰাই দিয়া বাকী পইচাখিনি পকেটত সুমুৱাই বাইক ষ্টাৰ্ট কৰিলোঁ ৷ গোটেই বাটটোত মোৰ অলপ আগেয়ে ঘটি যোৱা ঘটনাটোৰ কথা মাজে মাজে মনলৈ আহি থাকিল ৷ হয়তো মহিলাগৰাকীয়ে একো ভুল কথা কোৱা নাছিল ৷ কিন্তু পৰিস্থিতিটো নটি স্বীকাৰ কৰি মানি ল’বলৈ হয়তোবা টান পাইছিলোঁ ৷

গুৱাহাটী পালোহি ৷ ডিউটিলৈ যাবলৈ হাতত তেতিয়াও বহু সময় ৷ ঘৰলৈ যোৱাৰ আগতে ৰাস্তাৰ ওচৰৰে সৰু চালি দিয়া দোকান এখনত চাহ একাপ খাওঁ বুলি সোমালোঁ ৷ চাহকাপ আহিল ৷ চাহ খাই থাকোতেই হঠাতে মনলৈ আহিল, মহিলাগৰাকীৰ ব্যৱহাৰ ৰুক্ষ, কিন্তু অভদ্ৰ নহয় ৷ তেখেতে জীৱনটো দেখিছে, জীৱনটো অনুধাৱন কৰিছে ৷ তাতোকৈ ডাঙৰ কথা হ'ল, তেখেত এগৰাকী মাতৃ ৷ জীৱন নামৰ নৈখনত প্ৰচণ্ড ধুমুহা বাৰিষাৰ মাজতো টুলুং-ভুটুং নৌকাখনকেই সাৰথি কৰি কাৰোপৰা সহায়ৰ আশা নকৰাকৈ স্বাভিমানেৰে নিজ সন্তানক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰা এগৰাকী সংগ্ৰামী মাতৃ ৷ এই কথাখিনিৰ অনুভৱে অলপ আগলৈকে ক’লা পৰি থকা মনটো দেখোন পোহৰাই তুলিলে ৷

হয়, তেখেত এগৰাকী মাতৃ ৷ ৰুঢ় বাস্তৱৰ সাহসেৰে সন্মুখীন হ’ব খোজা এগৰাকী পৰাক্ৰমী মাতৃ ৷

#বাস্তৱ ৷
#হয়_তেখেত_এগৰাকী_মাতৃ ৷
#খণ্ডচিত্ৰ_৮
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Monday, December 19, 2016

মাহীমাক ৷

[ধেই, মাহীমাক এগৰাকী সদায় মাহীমাক হৈয়েই থাকিব ৷ মাহীমাক এগৰাকীৰ কেতিয়াও প্ৰকৃত মাতৃৰ স্তৰলৈ উত্তৰণ ঘটিব নোৱাৰে ৷]

(পটভূমি বাস্তৱ যদিও গোপনীয়তা ৰক্ষাৰ খাতিৰত কল্পনাৰ ৰহনেৰে স্থান, কাল, পাত্ৰৰ সম্পূৰ্ণ পৰিবৰ্তন কৰা হৈছে ৷)

মানুহগৰাকীক আমি পেহী বুলি মাতোঁ ৷ নগাঁৱত থাকে ৷ দেউতাৰ দূৰসম্পৰ্কীয় ভণীয়েক ৷ কেতিয়াও নেদেখা পেহীজনীক লগ পাইছিলোঁ কেইবছৰমান আগতে আমাৰ মৰিগাঁৱৰ ঘৰত ৷ তিনি সন্তান আৰু পেহাৰ লগত আমাৰ তালৈ ফুৰিবলৈ আহিছিল ৷ আমাৰ ঘৰৰপৰা যোৱাৰ সময়ত তিনিওটা ল’ৰাকে মা আৰু দেউতাক আঁঠু কাঢ়ি ভৰি চুই সভক্তিৰে সেৱা কৰোৱাই গৈছিল ৷ দেউতাই পিছত গৰ্বেৰে কৈছিল,

“দেখিছা, কিমান সংস্কৃতিৱান লালন পালন ৷”

সঁচাকৈয়ে, এনে দৃশ্য আজিৰ যুগত দেখোন একেবাৰেই বিৰল ৷

পঢ়াৰ তাগিদাত ঘৰৰপৰা নিলগত আছিলোঁ ৷ সেই দিনটোৰ পিছত মাৰ মুখেৰে মাজে মাজে শুনি থাকিলেও পেহীৰ লগত মোৰ কোনো দেখা সাক্ষাৎ হোৱা নাছিল ৷ কিন্তু এইবাৰ বাছা, মানে পেহীৰ ডাঙৰ ল’ৰাটোৱে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিলে ৷ সি সৰুৰেপৰাই পঢ়াই শুনাই ভাল বুলি মাৰপৰা আগৰেপৰাই শুনি আহিছিলোঁ ৷ কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ বাবে তাৰ নামভৰ্তিৰ পিছত মোকেই তাৰ ‘লোকেল গাৰ্জেন’ কৰি থৈ গ’ল পেহীয়ে ৷ আমাৰ ঘৰলৈ পেহীহঁতৰ সঘন আহ যাহো আৰম্ভ হ’ল ৷ শ্ৰীমতী পৰিণীতাৰ লগত দুবাৰমান তাৰ হোষ্টেললৈও খবৰ কৰিবলৈ গ’লোঁ ৷ সিয়ো সময় সুবিধা মিলাই আমাৰ তাত মাজে মাজে শণিবাৰে ৰাতি থকাকৈ আহে ৷ বৰ ভাল ল’ৰাটো ৷ অত্যন্ত অমায়িক, পেহীৰ যেন আলাসৰ লাৰু ৷ জীয়ৰী প্ৰতীতি আৰু নিয়ৰ মাজনীয়েও সি আহিলে বৰ ভাল পায়, তাৰ লগ এৰিবই নিবিচাৰে ৷ বাছা গুৱাহাটীলৈ অহাৰ পিছৰেপৰা সপ্তাহত তিনি চাৰিবাৰমানকৈ পেহীয়ে আমালৈ ফোন কৰাটো একপ্ৰকাৰ যেন অভ্যাসতে পৰিণত হ’ল ৷ ফোনতো সেই একেই কথা, যাতে ল’ৰাটোৰ খবৰ লৈ থাকোঁ আমি দুয়োজনে ৷

এদিন সন্ধিয়া পেহীয়ে বৰ উৎকণ্ঠাৰে মোৰ ম’বাইলত ফোন কৰিলে,

“বাবা, ক’ত আছা তুমি?”

“চেম্বাৰত আছোঁ পেহী, কওকচোন ৷”

“শুনাচোন, বাছাৰ জ্বৰ বোলে ৷ খবৰ এটা কৰিবা না ৷”

তালৈ ফোন কৰিলোঁ ৷

“নাই দাদা, অলপমান জ্বৰ ৷ মায়ে এনেই চিন্তা কৰি আছে ৷ আমাৰ কলেজৰ ডাক্তৰগৰাকীয়ে ভাইৰেল ফিভাৰ বুলিয়েই কৈছে ৷ একো পৰীক্ষা কৰাৰো দৰকাৰ নাই বোলে ৷”

তাক অসুখটোৰ বিষয়ে বিতংভাৱে সুধিলোঁ ৷ মোৰো ভাইৰেল ফিভাৰ যেনেই অনুভৱ হ’ল ৷ তথাপিও অলপ বেয়াই লাগিল তালৈ, সৰু ল’ৰা দিয়কচোন, আমি অসুবিধা পাওঁ বুলি ভাবি সকলো কথা নকবও পাৰে, তাৰোপৰি ঘৰৰপৰা আঁতৰত থাকি পঢ়া শুনা কৰি আছেহি, গতিকেই তাক সুধিলোঁ,

“আমি যাম নেকি বাছা তোমাৰ ওচৰলৈ?”

“নালাগে দাদা ৷ কিবা দৰকাৰ হ’লে জনামেই নহয় তোমালোকক ৷ এতিয়া আহিব নালাগে দিয়া ৷”

ফোনটো ৰখাৰ পিছত আকৌ ৰোগীৰ লগত ব্যস্ত হৈ পৰিলোঁ ৷ এঘণ্টামান পিছত পুনৰ পেহীয়ে ফোন কৰিলে ৷ পেটে পেটে অলপ লাজেই পালোঁ, পেহীলৈ ফোন কৰিবলৈ এনেদৰে পাহৰি যাব লাগেনে বাৰু?

“তুমি ইয়াৰ লগত কথা পাতিছিলা বোলে বাবা?”

“পাতিলোঁ পেহী ৷ চিন্তা কৰিবলগীয়া একোৱেই নাই ৷ আপুনি মিছামিছি টেনচন লৈ নাথাকিব ৷”

অলপ সময়ৰ পিছত পেহীয়ে আকৌ ফোন কৰিলে,

“অ’ বাবা, ডেংগু চেংগু নহয়তো?”

“নহয় পেহী ৷ আৰু, হ’লেও আমি আছোঁ নহয় ৷ একো অসুবিধা নহয় তাৰ ৷”

“এটা কাম কৰানা, তোমালোকে এবাৰ তাক চাই আহানা প্লিজ ৷ নহ’লে মোৰ বৰ টেনচন হৈ আছে ৷ তোমালোক তাৰ ওচৰৰপৰা আহিলেহে টেনচন নাইকিয়া হ’ব ৷”

চেম্বাৰ সামৰি ঘৰ আহি পাওতে নিশা ন বাজি গৈছিল ৷ আহিয়েই পৰিণীতাক পেহীৰ কথাখিনি জনালোঁ ৷

“এটা কাম কৰোঁ দিয়া প্ৰিয়ংকৰ ৷ মই কাপোৰসাজ পটকৰে সলাই লওঁ ৷ তাক এবাৰ চাই অহাই ভাল হ’ব ৷ পেহীয়ে মোলৈও দুবাৰ ফোন কৰিছে ৷ যাওতে আৰু দেৰি কৰিলে ঘৰ আহি পোৱালৈ বহু ৰাতি হৈ যাব ৷ আজি নগ’লেও হয় দিয়াচোন,  কিন্তু বৰ টেনচন খাই আছে অ’ মানুহজনীয়ে ৷”

বাছাৰ হোষ্টেল গৈ পোৱালৈ চাৰে দহমান বাজিছিল ৷ বেলেগ একো নাই, সামান্য জ্বৰ মাত্ৰ ৷ এঘণ্টামান সময় তাৰ লগত ইটো সিটো কথা পাতি প্ৰয়োজনত যিকোনো সময়তে ফোন কৰিবলৈ কৈ ঘৰলৈ বুলি উভটিলোঁ ৷ নিশাৰ সেই সময়ত সাধাৰণতে ৰাস্তা খালীয়েই থাকে ৷ কিন্তু দুদিনমান আগৰপৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ বাবে উভটি আহোতে প্ৰচণ্ড যান যঁটৰ সন্মুখীন হ’লোঁ ৷ অৱশেষত গৈ এনে অৱস্থা হ’লগৈ যে জালুকবাৰীৰপৰা ঘৰলৈ সেই দহ কিলোমিটাৰ বাট অতিক্ৰম কৰিবলৈ আমাক প্ৰায় দুঘণ্টা সময়ৰ প্ৰয়োজন হ’ল ৷ ভাগৰতকৈয়ো বেছিকৈ ‘হেভী ট্ৰেফিকত’ গাড়ী চলোৱাৰ অস্বস্তিৰে দুইমান বজাত ঘৰ সোমালোঁ ৷ ‘ফ্ৰেছ’ হৈ ভাত পানী খাই বিচনাত উঠোঁ মানে তিনি বাজোঁ বাজোঁ ৷ ইপিনে আকৌ পুৱা চাৰে ছয় বজাতে অপাৰেছনৰ বাবে ৰোগী মাতি থোৱা আছে ৷ পেহীৰ ওপৰত উঠা খঙটো লাহে লাহে বাঢ়ি আহিল ৷

“এই পেহীজনী মস্ত ব’ৰ মানুহ দেই ৷ বেলেগৰ সুবিধা অসুবিধাৰ কথা একোৱেই নাভাবে ৷ ইমান অকণমান কথাটোতে ইমান উত্ৰাৱল হোৱাৰ কি প্ৰয়োজন? এতিয়া গৈ থৈ মোৰ  টোপনিটোহে খালে মানুহজনীয়ে ৷”

পৰিণীতাই একো নকৈ কেৱল মিচিকিয়াই হাঁহিলে ৷ মোৰ খং আৰু দুগুণে চৰিল ৷

“তুমিটো চাপ’ৰ্ট কৰিবাই ৷ একেইহে ৷ একেসোপা কাম নাইকিয়া টেনচন ৷”

মোৰ গাল এখনত মৃদুভাৱে টিপা এটা মাৰি পৰিণীতাই ক’লে,

“বহু দেৰি হ’ল, ৰাতিপুৱা ইহঁত দুয়োজনীৰে স্কুল আছে ৷ কথা নাপাতোঁ, শুই যোৱা এতিয়া ৷”

“ৰ'বাহে টোপনি যাম, উঠিবৰ হ’বই দেখোন এতিয়া ৷ তুমিয়েই কোৱাচোন, তাৰ এই বয়সত মৰমবোৰ মাত্ৰাধিক হোৱা নাইনে? আৰু ই বাছাওনো কি ইমান মাকৰ আঁচলৰ তলত সোমাই থাকে? এনেদৰে পেহীয়ে তাক ডাঙৰ হ’বলৈ নিদিবই দেখোন?”

কিবা এটা ভাবি পৰিণীতাই ক’লে,

“নহয় বুলি নকওঁ, কিন্তু এটা কথা জানানে প্ৰিয়ংকৰ?”

“কি কথা?”

“পেহীৰ মৰমখিনি অকৃত্ৰিম ৷ সি ডাঙৰ হ’ব দিয়া লাহে লাহে, ঘৰৰপৰা এই ওলাই আহিছেহে ৷ তাৰোপৰি কি জানা?”

“কি?”

“পেহী বাছাৰ জন্মদাত্ৰী মাক নহয়, মাহীমাকহে ৷ মই মাৰপৰা সকলো কথা জানিছোঁ ৷ কিন্তু আমাৰ সমাজত সতীয়া মাকৰ প্ৰতি থকা কিছুমান বদ্ধপৰিকৰ ভুল ধাৰণাৰ বাবে পেহীয়ে হয়তোবা মাহীমা শব্দটোৱেই ঘৃণা কৰে ৷ তাৰোপৰি কিছুমান মাহীমাকে সঁচাকৈ কিছুমান ঘৃণীত ৰূপ প্ৰকট কৰি আহিছে ৷ কিন্তু মাহীমা মানে কি? মা যে মায়েই ৷ মৰম, আদৰবোৰহে আচল কথা ৷ তুমি এই কথাটো নাজানা বুলি জানোঁ ৷ বাছাৰ মুখতো মা মানে সদায় পেহীৰ কথাই শুনি আহিছোঁ ৷ তাৰ হৃদয়ৰ দাপোনতো বোধকৰোঁ পেহী তাৰ মাতৃহে, মাহীমা নহয় ৷ পেহী মোৰ বাবে এক আদৰ্শ অ’ ৷ সেয়ে ৰাতি হ’লেও পেহীৰ মৰমতে তোমাক তাৰ ওচৰলৈ যাবলৈ লগ ধৰিছিলোঁ ৷”

মই নিৰুত্তৰ হৈ পৰিছিলোঁ ৷ বুকুখনত কিবা এটাই যেন হেঁচা মাৰিহে ধৰিছিল ৷ পৰিণীতাই পুনৰ কৈছিল,

“লাইটটো নুমুৱাই দিওঁ দেই প্ৰিয়ংকৰ ৷ শুই দিয়া ৷ উঠিবৰ হ’বই অলপ পিছতে ৷”

মই মনে মনে ৰৈছিলোঁ ৷ দুচকুৰ সমুখৰ আন্ধাৰৰ মাজত ছয়াময়া পোহৰত এখন ঘুৰণীয়া টেবুলৰ দুকাষে সমুখা সমুখিকৈ দুগৰাকী মহিলাৰ প্ৰতিচ্ছবি জিলিকি উঠিছিল ৷ তাৰে এগৰাকী পেহী, আৰু আনগৰাকী? এয়া যে তেজীমলাৰ মাহীমাক ৷ টেবুলখনৰ মধ্যাংশক কেন্দ্ৰবিন্দু হিচাপে লৈ সমগ্ৰ মজিয়াখন বৃত্তাকাৰে ঘুৰিবলৈ আৰম্ভ কৰিছিল ৷ লাহে লাহে গতিবেগ বাঢ়ি আহিছিল ৷ দুই মহিলাৰ কথোপকথন ৰিণিকি ৰিণিকি শুনিবলৈ পাইছিলোঁ ৷ পেহীয়ে যেন কৈছিল তেজীমলাৰ মাহীমাকক, “মাহীমা শব্দটোৰ সন্দৰ্ভত তই আমাৰ সমাজত ৰোপন কৰি যোৱা বদ্ধমুল ধাৰণাৰ মই পৰিবৰ্তন কৰিম ৷ তই আকৌ এবাৰ জিকিব নোৱাৰ ৷”

হৃদয়ৰ নিভৃত কোণত অনুভৱ কৰিছিলোঁ, হয়, পেহী এগৰাকী মাতৃ ৷ মোৰ ভাইটি বাছাৰ সতীয়া মাতৃ ৷ তেজীমলাৰ মাহীমাকক পৰাভূত কৰাৰ ক্ষমতা ৰখা এগৰাকী প্ৰকৃত মাতৃ ৷

#হয়_তেখেত_এগৰাকী_মাতৃ ৷
#খণ্ডচিত্ৰ_৭
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Friday, December 16, 2016

দুহেজাৰ টকীয়া আখ্যান ৷ (২)

মানুহজন বৰ ৰসাল ৷ চিনি নাপাওঁ তেখেতক ৷ আগতে লগো পোৱা নাই ৷ অকস্মাতে লগ পালোঁ সেইদিনা এ টি এম এটাত ৷

মানে ডিউটিৰপৰা ওলাই এ টি এম টোৰ সন্মুখত গাড়ী ৰাখিছিলোঁ ৷ লাইনত কেইজনমান মানুহ থিয় হৈ আছিল ইতিমধ্যেই ৷ গতিকে বুজিলোঁ যে এ টি এমটোত পইচা আছে ৷ ওপৰৱালাক ধিয়ালোঁ এবাৰ ৷ তাৰো দুটা কাৰণ ৷ প্ৰথম কাৰণ, যাতে মই পইচা উলিওৱাৰ আগতেই এ টি এমটোত পইচা শেষ নহয় ৷ দ্বিতীয়টো, যাতে দুহেজাৰটকীয়াতকৈ সৰু কিবা নোট পাওঁ ৷ ভগৱানক চিন্তি লাইনত থিয় হ’লোঁ ৷ মনতে হিচাপ এটা কৰিলোঁ, মোৰ সন্মুখত মুঠ আঠজন মানুহ ৷ বেছি নহয় বাৰু, গতিকে বেছি সময় নালাগিব ৷ মোৰ সন্মুখৰজনে তেখেতৰ সন্মুখৰজনৰ লগত কিবা কথা পাতি আছিল ৷ বেলেগ কথা নহয়, সেই ‘ডিমানিটাইজেছন’ৰ কথাই ৷ মনৰ খুদুৱনি মাৰিবলৈ তেখেতক সুধিলোঁ,

“পাঁচশ টকীয়া আছেনে নাই গম পাইছে নেকি বাৰু?”

তেখেতে ক’লে,

“আছে বুলি শুনিয়েই ময়ো লাইনত ৷ আগৰ দুই এজনে উলিয়াইছেও ৷ আমিহে পাওনে নাপাওঁ ঠিক নাই ৰ’ব ৷”

ইয়াৰ পিছতে সুধিম বুলি ভাবিছিলোঁ যে কেনেবাকৈ এশটকীয়া পোৱাৰো সম্ভাৱনা আছে নেকি, মানে সিমানখিনি সৌভাগ্যৱানো হ’ব পাৰোঁ নেকি, কিন্তু প্ৰশ্নটো আহিল মোৰ পিছপিনৰপৰা ৷ ল’ৰা এজনে মাত লগালে,

“হেৰি নহয় দাদা, এশটকীয়া আছে নেকি? এশটকীয়া?”

পিছলৈ ঘুৰি চালোঁ ৷ ইতিমধ্যেই আৰু চাৰিজন লাইনত যোগ হ’লেই ৷

মোৰ সন্মুখৰ মানুহজনে তামাম ৰস পালে ৷ হোঁ হোঁৱাই হাঁহি তেখেতে ক’লে,

“আপুনি বৰ বেছিয়েই উচ্চাকাংক্ষী বুজিছে ৷”

মানুহজনৰ হাঁহি যেন বন্ধই নহ’ব ৷ পিছৰজনৰ অলপ খঙেই উঠিল ৷

“ইমানকৈ হাঁহিবলৈ কি হ’ল? কিনো একেবাৰে নুসুধিবলগীয়া প্ৰশ্নটো সুধিলোঁ?”

সন্মূখৰজনে আৰু অলপমান হাঁহি তাৰ পিছতহে কথা ক’ব পৰা হ’ল ৷

“বুজিছে, ৰাতিপুৱা পাঁচশ টকীয়া বিচাৰি ইটোৰ পিছত সিটোকৈ কেইবাটাও এ টি এম ঘুৰিলোঁ ৷ লাইনত থিয় হৈ হৈ যেতিয়াই পাঁচশটকা লাগে বুলি টিপোঁ, তেতিয়াই কেৱল ‘কেছ কেন নট বি ডিছপেন্সড’ বুলিহে ওলায় ৷ তেনেদৰেই ৰাতিপুৱা এযোৰ চেন্দেল চিঙিলোঁ ৷ এতিয়া এইটোত পাঁচশটকীয়া আছে বুলি শুনি নতুন চেন্দেল এযোৰা পিন্ধি ইয়াত আহি লাইনত ৷ আৰু আপোনাক লাগে এশটকীয়া ৷ আগতেয়োনো এ টি এমত কেইদিন এশটকীয়া পাইছিল হে? নাহাঁহি কি কৰিম কওক ৷ বুজিছে, এই পাঁচশটকীয়াতে সন্তুষ্ট হওকচোন ৷”

কথাখিনি শেষ কৰি মানুহজনে আকৌ হোঁ হোঁৱাই হাঁহি দিলে ৷ মোৰ পিছৰজন বাদ দি লাইনত থকা বাকী সকলোৱে হাঁহিলে ৷ পিছৰজনলৈ চালোঁ, লাজত মুখখন কিবা সেই ক’লা পৰি গ’ল বেচেৰাৰ ৷ তেওঁৰ মুখখন দেখি ময়ো হোঁ হোঁৱাই হাঁহি দিলোঁ ৷ তেওঁ লাজ পোৱাৰ সুখত নহয়, কিন্তু মই সুধিম বুলি ভবা কথাষাৰ নিজে সুধি মোক যে তেওঁ এই দূৰ্দশাৰপৰা বচালে, তাৰ সুখত ৷ আকৌ এবাৰ হাঁহি দিও দিয়ক, নহ’লে এনেই কয়নে যে উপকাৰীক অজগৰে খায়? হোঁ হোঁ হা হা ৷

#বাস্তৱ ৷
#দুহেজাৰ_টকীয়া_আখ্যান_২
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷