Tuesday, February 07, 2017

চেলেঞ্জ

সৰগ বা নৰকৰ দুৱাৰদলিত দুটি আত্মাৰ কথোপকথন ৷

প্ৰথমটো আত্মাই ক’লে, “মদ খোৱাটো মই ফূৰ্তিৰ উৎসৱ হিচাপে গণ্য কৰিছিলোঁ ৷ টেঁটুৰ গুৰিলৈকে মদ খাই দোৰোল খোৱা জিভা আৰু আধামুদা চকুৰে নাকৰ পোনে পোনে গাড়ী চলাব পৰাটো মই চেলেঞ্জ হিচাপে লৈছিলোঁ ৷”

আনটি আত্মাৰ দুচকু সেমেকি উঠিল ৷

“আপোনাৰ চেলেঞ্জে মোৰ সুখী পৰিয়ালটো চাৰখাৰ কৰি পেলালে ৷”

#অণুগল্প_২,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

সেই অতুলনীয় অনুভূতিবোৰ : খণ্ডচিত্ৰ: ১:

আপুনি এগৰাকী মহিলা ৷ জীৱনত পোনপ্ৰথমবাৰৰ বাবে আপুনি সন্তানসম্ভৱা ৷ বিবাহিত জীৱনটোত আপুনি বহু উত্থান পতনৰ সন্মুখীন হৈছে ৷ কোনো সময়ত আপোনাৰ মনলৈ হয়তোবা এনে ভাবো আহিছে, এই মানুহজনৰ লগত বিয়াত বহাটোৱেই যেন আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল ৷ হতাশাগ্ৰস্ত হৈ হয়তোবা কেতিয়াবা কোনোসময়ত কিবা চৰম সিদ্ধান্ত লোৱাৰ কথাও আপোনাৰ মনলৈ আহিছে ৷ কোনোসময়ত আকৌ ভাব হৈছে, আপোনালোক দুয়োজনেই দুয়োজনকেই হয়তোবা গভীৰভাৱে  ভাল পায়, কিন্তু দুয়োজনেই ক’ৰবাত যেন কিবা প্ৰকাৰে বিভ্ৰান্ত ৷

এতিয়া আপুনি এখন চিকিৎসালয়ৰ কোঠা এটাৰ বিচনা এখনত বাগৰি আছে ৷ আপোনাৰ প্ৰসৱ বেদনা আৰম্ভ হৈছে ৷ এইটো এক এনেধৰণৰ বেদনা, যিটো এগৰাকী মাতৃয়েহে অনুভৱ কৰিব পাৰে ৷ আপোনাক যিকোনো মুহূৰ্ততে প্ৰসূতিকক্ষলৈ স্থানান্তৰিত কৰিব পাৰে ৷ বিষতকৈও আপোনাৰ ভয়টোহে যেন লাহে লাহে বাঢ়ি আহিছে ৷ আপুনি আপোনাৰ পুৰুষজনৰ পিনে দৃষ্টি নিক্ষেপ কৰিছে, যি সেই মুহূৰ্তত আপোনাৰ লগত থাকি আপোনাক শুশ্ৰুষা কৰি থকা একমাত্ৰ পৰিচাৰকজন ৷ বন্ধ দুচকুৰে তেখেত সম্ভৱতঃ নেদেখাজনক নীৰৱে প্ৰাৰ্থনা কৰিছে ৷ চকু খুলিয়েই আপোনাক দেখি উৎকণ্ঠাৰ ৰেশযুক্ত মিচিকিয়া হাঁহি এটিৰে তেখেত আগুৱাই আহি আপোনাৰ দুহাত আঁকোৱালি ধৰি আপোনাৰ কপালত তেখেতে আবেগেৰে চুমা এটি যাচিছে ৷

“চিন্তা নকৰিবা ৷ সকলো ঠিক হৈ যাব ৷ মই আছোঁ নহয় ৷”

তেখেতে আপোনাক কৈছে ৷ আপুনি অনুভৱ কৰিছে, যদিও শাৰীৰিকভাৱে আপুনিহে এই সমস্ত বেদনা ভূগিবলগীয়া হৈছে, মানসিকভাৱে তেখেতেও যেন একেখিনি কষ্টৰ মুখামুখি হৈছে ৷ আপুনি বুজিব পাৰিছে, তেখেত আপোনাৰ বাবে চিন্তিত ৷ অকস্মাতে আপুনি অনুভৱ কৰিছে, হয়, তেখেতে আপোনাক সঁচাকৈয়ে ভাল পায় ৷ আৰু, সেই অনুভূতিখিনি যে একেবাৰেই অমূল্য ৷ অপূৰ্ব ৷ অনন্য ৷

#সেই_অতুলনীয়_অনুভূতিবোৰ,
#খণ্ডচিত্ৰ_১,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

মানে…

মানে, কথা এটা সুধোঁ, মানে সুধিছোহে দেই, মোৰ মনত একো বেয়া ভাব নাই, মানে আপোনালোকে জানেই, মই মানুহটো বেয়া নহয়, ভালেই ৷ মানে কথাৰ কথাটোহে সুধিছোঁ, দায়দোষ নধৰিব আৰু ৷ মানে, এই যে ফে’চবুকৰ মেচেজ, ক’মেণ্টকে আদি কৰি বিভিন্ন লিখা মেলা ক্ষেত্ৰত মন গ’লেই আমি কাৰোবাক চকু টিপিয়াই দিওঁ, কাৰোবাক ঢেক ঢেকাই হাঁহোঁ বা বেলেগ কিবা কিবি স্মাইলী দি থাকোঁ, ল’ৰা, ছোৱালী, পুৰুষ, মহিলা নিৰ্বিশেষে সকলোৰে ক্ষেত্ৰত একেই, নহয় জানো? কোনেও একো নাভাবে, নহয়নে? ভাবকচোন, অলপ ভালদৰে ভাবক ৷ বাস্তৱ ক্ষেত্ৰতো যদি সেইটো কৰিব পাৰিলোঁহেঁতেন ! যেনে ধৰক, ৰাস্তাইদি বৰ ধুনীয়া, মানে একেবাৰে ধৰক ঐশ্বৰ্য ৰায়ৰ দৰে ছোৱালী এজনী গৈ আছে, আপুনি তাইলৈ চাই চকু টিপিয়াই দিলে, তায়ো প্ৰত্যুত্তৰত আপোনালৈ চাই ভূবন ভোলোৱা হাঁহি এটি মাৰি চকু টিপিয়াই থৈ গ’ল ৷ উস, মানে ভাবিয়েই কিবা এটা ভাল লাগি যায় বুইছেনে? মানে কিবা সেই ৰিমঝিম ৰিমঝিম আৰু ৷ কেতিয়াবা কেতিয়াবা দুখেই লাগি যায়, বোলো সেই বয়স কেতিয়াবাই পাৰ হৈ গ’ল, একো কৰাহে নহ’ল ৷ মানে আকৌ কৈছোঁ দেই, মানে কথাৰ কথাটোহে কৈছোঁ, মানে তেনেকুৱা সুবিধা পালে চকু টিপ এটা মাৰিবলৈ বেয়া নাপাম, বেয়া পাম বুলি কৈ ব্ৰহ্ম ফাঁকি এটা নিদিওঁ বাৰু, কিন্তু বুজিছেই নহয়, এতিয়া বয়স হ’ল, ছোৱালী এজনীৰ বাপেক হ’লোঁ, এই বয়সত শ্ৰীমতীৰ বেলনা বাৰীৰ কোব খাবলৈ মন নাই আৰু ৷ মানে সুধিছোহে দেই, মানে যদিও পেটে পেটে মন নথকা নহয়, মানে আপোনালোকে দেখোন জানেই, মই মানুহটো বেয়া নহয়, ভালেই ৷ মানে…… :-)

#মানে_অলপ_ধেমালি,
#মানে_সঁচাও_হ’ব_পাৰে,
#মানে_আৰু_একো_নকওঁ,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

নতুন প্ৰতিজ্ঞা ৷

ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ তাইৰ বিয়ালৈ মাতিছিল, কিন্তু কিবা অসুবিধাৰ বাবে যাব পৰা নাছিলোঁ ৷ সেইদিনা অত বছৰৰ মূৰত গিৰিয়েকৰ লগত মোৰ চেম্বাৰ ওলাইছিলহি, পুতেকৰ অন্নপ্ৰাসনৰ নিমন্ত্ৰণ দিবলৈ ৷ মনতে ঠিৰাং কৰিলোঁ, এইবাৰ মিচ নকৰোঁ, যাবই লাগিব ৷ জুনিয়ৰজনীলৈ মন কৰিলোঁ, আগৰ সেই ক্ষীণ মীন ছোৱালীজনী স্বাস্থ্যৱতী হ’ল, মিছা ক’লে কিডাল হ’ব, আচলতে একেবাৰে বেলুন ফুলাদি ফুলি গ’ল ৷ আৰু মোৰ এই ফটা মুখখনেদি একো নভবাকৈয়ে ওলাই গ’ল,

“তোমাৰ স্বাস্থ্য বহুখিনি ভাল হৈছে আগতকৈ ৷”

যিটোহে চাৱনি দিলে ঐ, আগৰ যুগৰ ঋষি মুনিৰ চাৱনি হোৱা হ’লে ভষ্মই হ’লোঁহেঁতেন ৷ ভাগ্যক্ৰমে মগজুটোৱে মাত দিলে,

“মানে আগতকৈ শ্লিম হ’লা তুমি ৷ বিদ্যা শপত ৷”

উস, এইবাৰৰ লাজুক লাজুক মোলায়েম হাঁহিটিত যেন পুষ্প বৰষিছিল ৷ বাচিলোঁ বুজিছে, ভগৱানেহে বচালে আৰু ৷

সেইদিনাৰপৰা মোৰ নতুন প্ৰতিজ্ঞা, মহিলাৰ বয়সৰ কথা সুধিবলৈ কোনোবা যুগতেই বাদ দিলোঁ, আজিৰপৰা মহিলাৰ স্বাস্থ্যৰ কথাও কেতিয়াও নকওঁ ৷ মানে বাদ দিয়ক হে, অকালতে মৰিবলৈ শাওপাতৰ কিবা আকাল লাগিছেনে !

#কিছু_ধেমালি ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Tuesday, January 10, 2017

ভগৱান ৷

মই চিকিৎসাবিদ্যাৰ স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰ কথা ৷ মেডিকেল কলেজ হস্পিতেলৰ সন্মুখৰ পদপথত মানুহজনী প্ৰায়েই লগ পাইছিলোঁ ৷ মলিয়ন ফটা চিটা পোচাক, জপৰা চুলি, দিন মাহ ধৰি গা নুধুৱাৰ ফলশ্ৰুতিত দেহৰপৰা নিৰ্গত উৎকট তীব্ৰ গন্ধ আদিৰপৰা সহজেই অনুমেয়, মানুহজনী ‘পাগলী’ ৷ সেই ফুটপাথটোৰপৰা ৫০০ মিটাৰমানৰ ব্যাসাৰ্ধৰ এক পৰিসীমাত তাইৰ অবাধ ৰাজত্ব ৷ ওচৰ পাজৰৰ দোকানীবোৰে দয়া কৰি দিয়া কিবা কিবি খোৱা বস্তুৰেই তাই জীয়াই আছিল ৷ তাই হাঁহে, কান্দে, গান গায়, কমকৈ হ’লেও কাৰোবাক গুৱাল গালিও দিয়ে ৷ কান্দি থকাৰ মাজতে তীক্ষ্ণভাৱে হাঁহি উঠে ৷ হাঁহি থকাৰ মাজতেই কাৰোবাক গালিও দিয়ে ৷ অদৃশ্য কাৰোবাক মৰম কৰি ওচৰলৈও মাতে ৷ এদিনাখন তাইৰ ওচৰেৰে পাৰ হৈ যাওতে অকস্মাত এটি শিশুৰ কান্দোন শুনিছিলোঁ ৷ মাতৃদুগ্ধ পান কৰি থকা অৱস্থাত তাইৰ কোলাত এটি দেৱশিশু ৷ তাইৰ কাষ চাপি গৈছিলোঁ,

“কাৰ বাচ্ছা এইটো?”

“মোৰ পেটৰ ৷”

“বাপেক কোন?”

“ভগৱান ৷”

“তোৰ ভগৱানটোক লগ কৰাই দিব পাৰিবিনে?”
মানুহজনীয়ে সন্দিগ্ধ হৈ ইফালে সিফালে চাইছিল ৷ তাৰ পিছত হোঁ হোঁৱাই হাঁহিছিল, তাৰ পিছত ফুচ ফুচাই কৈছিল,

“কেনেকৈ দিম? দুষ্ট ভগৱানটো ৰাতিহে আহে ৷”

মানুহজনী আকৌ এবাৰ হাঁহিত ফাঁটি পৰিছিল ৷ উভটি আহোতে লগৰ জনীয়ে সাৱধান কৰি দিছিল, “চাবি দেই অনিন্দিতা, তাই মাজে মাজে বোলে ছোৱালীৰ কাপোৰ টানে ৷ তাইৰ ওচৰেৰে সাৱধানে যাবি ৷ নহ’লে নিজেই লাজত পৰিবি ৷”

“তই দেখিছ, নে শুনা কথা?”

“দেখা নাই, শুনা কথা ৷ সঁচাও হ’ব পাৰে ন ৷”

একো উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ ৷ কেইদিনমানৰ পিছত এদিন সন্ধিয়া অকলে হোষ্টেললৈ আহি থকা অৱস্থাত তাই হঠাতে মোৰ হাত এখনত থাপ মাৰি ধৰিছিল ৷ বহুত ভয় খাইছিলোঁ ৷ নাই, তাই মোৰ কাপোৰ টনা আঁজোৰা কৰা নাছিল, মোৰ হাতখন এৰি দি মোৰ চকুত চকু থৈ কাতৰ হৈ কৈছিল,

“অই ডাক্তৰনী, পোৱালীটোক কাপোৰ এটা দিব পাৰিবি? মোৰ ভগৱানটোও নাহে দেখোন ৷”

এজনী পাগলী নহয়, এজনী মাতৃৰ মুখামুখি হৈছিলোঁ সেইদিনা ৷ তেতিয়ালৈকে মই চিকিৎসক হৈ ওলোৱা নাছিলোঁ, জীৱনত পোনপ্ৰথমবাৰৰবাবে মোক কোনোবাই ‘ডাক্তৰনী’ বুলি সম্বোধন কৰিছিল ৷ পিছদিনা ক্লাছৰ শেষত পোৱালিটোৰ কাপোৰ এসাজ কিনি বেগতে ৰাখিছিলোঁ ৷ দুদিনমান পিছত তাইক লগ পাই দিওঁতে তাই মোক হিয়া উজাৰি আশীৰ্বাদ দিছিল,

“মোতকে তই বহুত ভাল ভগৱান পাবি ডাক্তৰনী ৷”

পোৱালিটোৰ মুখখনলৈ মন কৰিছিলোঁ ৷ ইমান মৰম লাগিছিল তালৈ ৷ হোষ্টেলত লগৰকেইজনীয়ে কৈছিল,

“তোকহে পোৱালিটো চাবলৈ দিছে, বেলেগক ওচৰ চাপিবই নিদিয়ে ৷”

দুমাহমানৰ পিছত দোকান এখনৰপৰা কিবা কিনিবলৈ গৈছিলোঁ ৷ আতঁৰৰপৰাই শুনিবলৈ পোৱা কাৰোবাৰ হিয়াভৰা কান্দোনে বুকুখন কঁপাই তুলিছিল ৷ গলিটোত সোমায়েই ‘পাগলীজনী’ দেখিছিলোঁ ৷ মোক দেখি চিঞৰি চিঞৰি তাই কৈছিল,

“অই ডাক্তৰনী, পোৱালিটো মৰি থাকিল অ’ ৷ ভগৱানটোও নাহিল ৷”

দোকানীজনে জনাইছিল, “কালি সন্ধিয়াৰেপৰাই কেচুৱাটোৰ বেমাৰ হৈ আছিল ৷ তাইৰ পাগলামি আৰু বাঢ়িছিল ৷ পোৱালিটোক বুকুত সাবটি তাই কেৱল কান্দিছিল ৷ কাকো ওচৰলৈ যাবলৈও দিয়া নাছিল ৷ আৰু ৰাতিপুৱা পোৱালিটো ঢুকাই থাকিল ৷”

বুকুখনৰ ক’ৰবাত প্ৰচণ্ড বিষ অনুভৱ কৰিছিলোঁ ৷ পাগলীজনীলৈ চাইছিলোঁ ৷ কোনো হাঁহি নাছিল, নাছিল কোনো গালি ৷ পোৱালিটোলৈ চাই চাই চিঞৰি চিঞৰি তাই কেৱল কান্দিছিল ৷ সেয়া যে এজনী পাগলীৰ কান্দোন নাছিল, সেয়া পাগলীজনীৰ মাজৰ এগৰাকী মাতৃয়ে কান্দিছিল, আৰু সেই কান্দোনে মোৰ হৃদয় চিৰাচিৰ কৰি পেলাইছিল ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

ফেছবুক লিংক